অহা মাহৰ পৰা ক্ৰিকেটৰ তিনিওটা ফর্মেটত নিয়মৰ পৰিৱৰ্তন
ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ক্ৰিকেটৰ তিনিওটা সংস্কৰণতে নিয়মৰ কিছু সালসলনি ঘটোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। জুন মাহৰ পৰা সলনি হ’ব টেষ্ট ক্রিকেটৰ নিয়ম।১৭ জুনৰ পৰা আৰম্ভ হ’ব বাংলাদেশ-শ্রীলংকাৰ মাজত প্ৰথমখন টেষ্ট। উক্ত টেষ্টখনৰ পৰাই নতুন নিয়ম প্ৰৱৰ্তন কৰা হ’ব। ইপিনে জুলাইৰ পৰা সলনি হ’ব বগা বল ক্ৰিকেটৰ নিয়ম। পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পৰাই এই নতুন নিয়ম প্ৰৱৰ্তন কৰিব বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে। ২০২৫-২৭ বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰৰ প্ৰথমখন মেচত মুখামুখি হ’ব বাংলাদেশ আৰু শ্রীলংকা। গালেত অনুষ্ঠিত হ’বলগীয়া উক্ত মেচৰ পৰাই কনকাচন চাবৰ নতুন নিয়ম আৰম্ভ হ’ব। উক্ত সময়ৰ পৰা কোনো খেলুৱৈয়ে কনকাচন চাব হিচাপে ফিল্ডিং কৰিব নোৱাৰিব। খেল আৰম্ভ হোৱাৰ পূৰ্বে দলসমূহে পাঁচজন ক্রিকেটাৰৰ নাম মেচ ৰেফাৰীৰ ওচৰত জমা দিব লাগিব। সেই তালিকাত থাকিব এজন বেটাৰ, এজন উইকেটকীপাৰ, এজন পেচ বলাৰ, এজন স্পিনাৰ আৰু এজন অলৰাউণ্ডাৰ। সেই তালিকাৰ পৰাই উপযুক্ত প্রতিস্থাপন ক্রিকেটাৰে ফিল্ডিং কৰিব লাগিব। উদাহৰণস্বৰূপে, যদি কোনো স্পিনাৰ আঘাতপ্রাপ্ত হয়, তেন্তে তেওঁৰ ঠাইত -বেটাৰক আনিব নোৱাৰি। তালিকাত থকা স্পিনাৰজনকহে আনিব লাগিব। পৰিস্থিতি পৰীক্ষা কৰি মেচৰ ৰেফাৰীয়ে কনকাচন চাবৰ ওপৰত চূড়ান্ত সিদ্ধান্ত ল’ব। এদিনীয়া ক্রিকেটতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰিবলৈ সাজু আইচিচি। এতিয়ালৈকে এদিনীয়া খেলৰ প্ৰতিটো ইনিংছ দুটা বল খেলা হৈছিল। প্রতিটো বল খেলা হৈছিল ২৫ অভাৰ। এইবাৰৰ পৰা ৩৪ অভাৰলৈকে পূৰ্বৰ দৰে দুটা বলৰ ব্যৱহাৰ কৰা হ’ব। ৩৫নং অভাৰৰ পৰা এটা বলেৰে খেলিব। ১৭ অভাৰ ব্যৱহাৰ কৰাৰ পিছত তুলনামূলকভাবে ভাল অৱস্থাত থকা বলটো বাকী ১৬ অভাৰৰ বাবে ব্যৱহাৰ কৰা হ’ব। বৰষুণ বা আন কোনো কাৰণত যদি অভাৰৰ সংখ্যা ২৫ বা তাতকৈ কমলৈ হ্রাস পায় তেন্তে গোটেই ইনিংছটো এটা বলৰে খেলা হ’ব। ইনিংছৰ সময়ত যিকোনো সময়তে যদি বল সলনি কৰা হয় তেন্তে ইয়াতকৈ ভাল বল পোৱাৰ কোনো সম্ভাৱনা নাথাকিব। সলনি কৰিবলগীয়া বলটো যিমান অভাৰ খেলা হৈছে সিমান অভাৰ অন্ততঃ ৰিপ্লেচমেন্ট হিচাপে উপলব্ধ হ’ব। ৩৪ অভাৰৰ পিছত খেলাৰ বাবে উপযোগী নোহোৱা বলটোও প্রয়োজন হ’লে প্রতিস্থাপন হিচাপে ব্যৱহাৰ কৰা হ’ব। বাংলাদেশ-শ্রীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাটোৰ পৰা এদিনীয়া ক্ৰিকেটৰ নতুন নিয়মটো আৰম্ভ হ’ব। ২ জুলাইত প্রথমখন এদিনীয়াত দুয়োটা দলে মুখামুখি হ’ব। তদুপৰি আইচিচিয়ে বাউণ্ডেৰী লাইনত ধৰা আৰু ডিআৰএছ লোৱাৰ নিয়মৰ কিছু সালসলনি ঘোষণা কৰিছে। কি পৰিৱৰ্তন হ’ব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই।