অহাকালি সোণাপুৰৰ কমাৰকুছিত সম্পন্ন হ’ব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়া

অহাকালি সোণাপুৰৰ কমাৰকুছিত সম্পন্ন হ’ব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য ক’ত সম্পন্ন হ’ব তাক লৈ যোৱা সময়ছোৱাত যথেষ্ট চর্চা চলিছিল। জুবিনৰ জন্মস্থান যোৰহাটত শিল্পীগৰাকীক সমাধিস্থ কৰাৰ বাবে যোৰহাটবাসীয়ে দাবী উত্থাপন কৰাৰ লগতে সমাধিস্থলী নিৰ্মাণৰ বাবেও ভূমি যোগাৰৰ প্ৰস্তুতি চলিছিল। একে সময়তে উত্তৰ গুৱাহাটীত সমাধিস্থ কৰাৰ বাবেও এক চিন্তা-চৰ্চা আৰম্ভ হৈছিল। কিন্তু সেই সকলোবোৰ আলোচনা তথা চৰ্চাৰ পৰিৱৰ্তে পৰিয়ালৰ সৈতে হোৱা আলোচনা অনুসৰি যোৰাবাটৰ ওচৰৰ দিচাং ৰিজ’ৰ্টৰ সমীপৰ হাতীমূৰা টিলাত জুবিনৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। ৰাজ্যিক কেবিনেটে অন্ত্যেষ্টিক্রিয়া সন্দর্ভত উক্ত স্থান আনুষ্ঠানিকভাৱে চূড়ান্ত কৰে। কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক অৱগত কৰে যে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সোণাপুৰৰ লগতে যোৰহাটত সম্পন্ন কৰাৰো প্ৰস্তাৱ আহিছিল। অসম সাহিত্য সভাই যোৰহাটত শেষকৃত্য কৰাৰ প্ৰস্তাৱক সমর্থন দিছিল। আনহাতে সদৌ অসম ছাত্র সন্থাই জুবিনৰ পত্নী তথা পৰিয়ালবৰ্গৰ সৈতে কৰা আলোচনাত পত্নী গৰিমা গাৰ্গে শেষকৃত্য গুৱাহাটীৰ আশে-পাশে কৰাৰ কথা উল্লেখ কৰিছিল। বিষয়টোৰ কথা ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱাভাৱে প্রকাশ কৰিছিল। সেইমৰ্মে সৰুসজাইত মন্ত্ৰী ৰণোজ পেণ্ড, কেশৱ মহন্ত আৰু বিমল বড়াই পুনৰ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ তথা তেওঁৰ পৰিয়ালৰ সৈতে বিষয়টো আলোচনা কৰে। এই আলোচনাতে গৰিমা গাৰ্গ তথা তেওঁৰ পৰিয়ালে জুবিনৰ সমাধিস্থল গুৱাহাটীৰ আশে-পাশে কৰাৰ কথা উল্লেখ কৰে। যিহেতু জুবিনৰ কৰ্মভূমি গুৱাহাটী আছিল, তদুপৰি পৰিয়ালে জুবিনৰ বার্ষিক শ্রাদ্ধ তথা আন মাংগলিক কৰ্মসমূহ কৰিবলৈ সঘনে যোৰহাটলৈ যোৱাৰ অসুবিধা হ’ব বুলি স্পষ্ট কৰে। সমান্তৰালভাৱে জুবিনৰ পিতৃৰ বয়স ৮০ ঊর্ধ্বৰ হোৱা হেতুকে এই সময়ত তেওঁক যোৰহাটলৈ নিয়া যথেষ্ট জটিল হ’ব বুলিও উল্লেখ কৰে। এই সমগ্র বিষয়সমূহ আলোচনাৰ অন্তত পৰিয়ালৰ সিদ্ধান্ত অনুসৰিয়ে হাতীমূৰাত অন্ত্যেষ্টিক্রিয়া সম্পন্নৰ সিদ্ধান্ত লোৱা হয়। যিহেতু জুবিন কোনো চৰকাৰী ব্যক্তি নাছিল বা কোনো মন্ত্রী নাছিল, তেনেক্ষেত্ৰত চৰকাৰী হিচাপে পৰিয়ালৰ এনে সিদ্ধান্তত চৰকাৰে হস্তক্ষেপ নকৰে। ইয়াৰ পূর্বে এক সংবাদ মেলৰ জৰিয়তে মন্ত্ৰী ৰণোজ পেণ্ড, কেশৱ মহন্ত আৰু বিমল বড়াই গৰিমা গাৰ্গৰ সৈতে হোৱা আলোচনা অনুসৰি হাতীমূৰা টিলাত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ব বুলি অৱগত কৰে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে যোৰহাটবাসীৰ জুবিনৰ প্ৰতি থকা আৱেগ, মৰমক চৰকাৰে সন্মান কৰে। যিহেতু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধিস্থল গুৱাহাটীত, বিষ্ণু-জ্যোতিৰ সমাধিস্থল তেজপুৰত, সেই দিশৰ পৰা জুবিনৰ সমাধিস্থল যোৰহাটত হোৱাৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰিছিল। কিন্তু পৰিয়ালৰ সিদ্ধান্তমর্মেই স্থান নির্ধাৰণ কৰা হৈছে। দিচাং ৰিজ’ৰ্টৰ সমীপত ১০ বিঘা চৰকাৰী ভূমিত স্থানীয় লোকে নাৰ্ছাৰী স্থাপন কৰাৰ লগতে এখন সৰু শ্মশান আছিল। জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে স্থানীয় লোকে এই স্থান মুকলিমূৰীয়াকৈ এৰি দিয়ে। তদুপৰি উক্ত ভূমিৰ কাষতেই গুৱাহাটীৰ অম্বৰীশ হোটেলৰ স্বত্বাধিকাৰ পুষ্পেন্দু বৰাৰো অলপ মাটি আছিল, যি মাটি তেওঁ জুবিনৰ শেষকৃত্যৰ বাবে এৰি দিছে। ইতিমধ্যে ভূমিখণ্ড চাফ-চিকুণ কৰাৰ কাম আৰম্ভহৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা হেতুকে অন্ত্যেষ্টিক্রিয়াৰ সময়ত উক্ত পথেৰে ট্ৰাক বা অন্য গাড়ীৰ চলাচল বন্ধ ৰখা হ’ব। অহা ২৩ ছেপ্টেম্বৰৰ পুৱা ৮ বজাত জুবিনৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব। এই অনুষ্ঠানত চৰকাৰে আৱশ্যকীয় ব্যক্তিসকল উপস্থিত থকাটো বিচাৰে। যিহেতু ভূমিখণ্ডত যথেষ্টসংখ্যক লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি ৰাজ্যিক মর্যাদাৰে সম্পন্ন হ’ব লগা শেষকৃত্য অনুষ্ঠানত কিছু আনুষ্ঠানিকতাও থাকিব, সেয়েহে যথেষ্ট ভিৰ হোৱাটো চৰকাৰে কামনা কৰা নাই। মুখ্যমন্ত্রীয়ে লগতে উল্লেখ কৰে যে জুবিনৰ চিতাভস্ম যোৰহাটলৈ নিয়া হ’ব আৰু যোৰহাটতো নিৰ্মাণ কৰা হ’ব জুবিনৰ সমাধিক্ষেত্র। ইফালে শ্রদ্ধাঞ্জলি জনাবৰ বাবে জুবিনৰ নশ্বৰদেহ সৰুসজাই ষ্টেডিয়ামত আজিও ৰখাৰ কথা মুখ্যমন্ত্রীয়ে ঘোষণা কৰে। অৰ্থাৎ আজিও গুণমুগ্ধই প্রিয় শিল্পীগৰাকীক সৰুসজাই ষ্টেডিয়ামত শ্রদ্ধাঞ্জলি জনাব পাৰিব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰা তিনিদিনীয়া ৰাজ্যিক শোকৰ দিন ২৩ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰাৰ কথা মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।