অহংকাৰৰ অট্টালিকা  – নাচিমা য়াচমিন

অহংকাৰৰ অট্টালিকা 

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

এদিন এনে পল আহিব,
যেতিয়া তোমাৰ অহংকাৰৰ অট্টালিকা
নিজ বুকুৰ ভাৰতে কঁপিব,
ব্যস্ততাৰ কংক্ৰিটেৰে সজা নগৰী
শূন্যতাৰ প্ৰৱেশপত্র দিব।
বিৰক্তিৰ দৰে খঙাল নিস্তব্ধতাই
তোমাৰ স্নায়ু কঁপাই তুলিব,
আৰু ঠিক তেতিয়াই, তুমি বিচাৰিবা
মোৰ কাষলৈ উভতি আহিব।
তোমাৰ হৃদয়ে মোৰ শূণ্যতা অনুভৱ কৰিব।
একো নাই, কিন্তু তেতিয়ালৈ
মই সময়ৰ লগত প্ৰতিজ্ঞা কৰি
বহু দূৰ বাট অতিক্ৰম কৰি আহিম,
যি উভতি অহাৰ অনুমতি প্ৰদান নকৰিব।