অহংকাৰী শাসক দলৰ নেতাসকলক তুলাধুনা দি অসম জাতীয় পৰিষদে দিলে তথ্য
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছৰ সৈতে মিত্ৰজোঁট গঠনৰ দিশে অগ্ৰসৰ হোৱা অসম জাতীয় পৰিষদসহ নতুন ৰাজনৈতিক দলসমূহক ক্লাব বুলি আখ্যায়িত কৰা বিজেপি নেতাসকলক এইবাৰ উভতি ধৰিছে অসম জাতীয় পৰিষদ দলে৷ জাতীয় পৰিষদৰ মতে, বিৰোধীৰ একত্ৰিকৰণত শংকিত হৈ বিজেপি নেতাসকলে তৰল আৰু বিভ্ৰান্তিকৰ মন্তব্য আগবঢ়াই আছে৷ আজি এখন সংবাদ মেলৰ আয়োজন কৰি জাতীয় পৰিষদৰ নেতৃবৃন্দই বিজেপি দলৰ ৰাজনৈতিক ইতিহাসৰ তথ্য দাঙি ধৰি কয় যে ১৯৮৫ চনত অসমত প্ৰথম নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি দলৰ ২০১৬ৰ আগলৈকে ৭০ শতাংশ প্ৰাৰ্থীৰ আমানত বাজেয়াপ্ত হৈছে৷ যদি ২০১৬ৰ নিৰ্বাচন ধৰা হয় তেতিয়াহ’লে ৬০.৬৫ শতাংশ আৰু ২০২১ৰ নিৰ্বাচনকো হিচাপত ধৰিলে বিগত ৩৮ বছৰীয়া ৰাজনৈতিক ইতিহাসত অসমত বিজেপিৰ ৫২ শতাংশ প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হয়৷দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে বিজেপিৰ নিৰ্বাচনী ইতিহাসৰ তুলনাত অসম জাতীয় পৰিষদৰ প্ৰতি ৰাইজৰ সঁহাৰি আশাব্যঞ্জকভাৱে ইতিবাচক৷ দল গঠনৰ এশ দিনৰ ভিতৰত নিৰ্বাচন খেলি জাতীয় পৰিষদে বিগত বিধানসভা নিৰ্বাচনত ৭ লাখতকৈ অধিক ভোট পোৱাই নহয়, ৫টা সমষ্টিত দ্বিতীয় আৰু ৫০ টা সমষ্টিত তৃতীয় স্থানত আছিল জাতীয় পৰিষদৰ প্ৰাৰ্থী৷ বিগত বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদে আনকি বিজেপিৰ সহযোগী দল ইউ পি পি এল আৰু বিপিএফতকৈয়ো অধিক ভোট লাভ কৰা বুলি ভূঞাই তথ্য দাঙি ধৰে৷ উল্লেখযোগ্য যে কংগ্ৰেছ সহ ১১ টা ৰাজনৈতিক দলে নিৰ্বাচনী বুজাবুজিত অৱতীৰ্ণ হোৱাৰ পিছৰে পৰা বিজেপি আৰু এ আই ইউ ডি এফৰ একাংশ নেতাই জাতীয় পৰিষদসহ ৰাজ্যৰ বিজেপি বিৰোধী আঞ্চলিক দলসমূহক নানান তুচ্চ-তাচ্ছিল্য কৰি থকা পৰিলক্ষিত হৈছে৷ বিজেপি সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই আজি সংবাদ মাধ্যমৰ আগত লুৰীণজ্যোতি গগৈয়ে লোকসভা নহয় পঞ্চায়তৰ নিৰ্বাচনতহে প্ৰতিদ্বন্দিতা কৰিব লাগে কটাক্ষ কৰে৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকায়ো যোৱা দুদিনত জাতীয় পৰিষদক ক্লাব বুলি তাচ্ছিল্ল কৰিছিল৷ আজি দলৰ সম্পাদক অমৃত কুমাৰ খাটনীয়াৰ আৰু মুখপাত্ৰ জিয়াউৰ ৰহমানৰ উপস্থিতিত এখন সংবাদ মেলৰ আয়োজন কৰি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে জাতীয় পৰিষদক ক্লাব বুলি কোৱা বিজেপিৰ নেতাসকলে তেওঁলোকৰ দলৰ ইতিহাস নাজানে৷ তেওঁ তথ্য দাঙি ধৰি কয় যে অসমত প্ৰথমবাৰ ১৯৮৫ চনত নিৰ্বাচন খেলা বিজেপিয়ে সেইবাৰ ৩৭ টা সমষ্টিত প্ৰাৰ্থী দিছিল আৰু তাৰে ৩৪ জনৰ আমানতৰ ধন বাজেয়াপ্ত বাজেয়াপ্ত হৈছিল৷ জালুকবাৰী, পাটাচাৰকুচি আদি সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে দুশতকৈ কম ভোট পাইছিল৷ ১৯৯১ চনৰ নিৰ্বাচনত ৪৮ টা সমষ্টিত প্ৰাৰ্থী দিয়া বিজেপিৰ ২৯ টা সমষ্টিৰ আমানত বাজেয়াপ্ত হৈছিল৷ ১৯৯৬ চনত বিজেপিয়ে প্ৰাৰ্থী দিছিল ১১৭টা সমষ্টিত৷ তাৰ ভিতৰত ৯৬টা সমষ্টিত আমানতৰধন বাজেয়াপ্ত হৈছিল৷ ২০০৬ চনত ১২৫ টা সমষ্টিত প্ৰাৰ্থী দিয়া বিজেপিৰ ৮৭ টা সমষ্টিত আৰু ২০১১ চনৰ নিৰ্বাচনত ১২০ জন প্ৰাৰ্থীৰ ভিতৰত ৮৪জনৰ আমানতৰ ধন বাজেয়াপ্ত হৈছিল৷ ২০১৬ চনত মোদী ঢৌৰ প্ৰভাৱত অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লেও সেইবাৰো ৯টা সমষ্টিত বিজেপিৰ আমানতৰ ধন বাজেয়াপ্ত হৈছিল৷ গতিকে নিজে কাঁচৰ ঘৰত থাকি আনলৈ শিল দলিয়াব নাপায় বুলি বিজেপিৰ নেতাসকলক ভূঞাই কটাক্ষ কৰে৷ জাতীয় পৰিষদৰ নেতাগৰাকী লগতে কয় যে অন্য ৰাজনৈতিক দলৰ প্ৰতি অহংকাৰী তথা শ্লেষভৰা বক্তব্যৰে ৰাজ্য ৰাজনীতিৰ নৈতিকতাৰ ব্যাকৰণখন কলুষিত সেইসকল নেতাই কৰিছে যিসকল কালিলৈকে কংগ্ৰেছত আছিল আৰু আজি ছিণ্ডিকেটৰ ধন আৰু নীতিহীন ক্ষমতাৰে বলিয়ান হৈ বিজেপিৰ বৰঘৰ দখল কৰিছে৷ দিছপুৰত এতিয়া কংগ্ৰেছ আৰু বিজেপিৰএখন ফিউজন চৰকাৰ চলি থকা বুলিও ভূঞাই কটাক্ষ কৰে৷ আনহাতে, এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে বিৰোধী মিত্ৰজোঁটক নপুংসকৰ দল আখ্যায়িত কৰা প্ৰসংগত ভূঞাই কয় যে অশ্লীল, অমাৰ্জিত কথা-বতৰাৰে বদৰুদ্দিন আজমলে অসমৰ ৰাজনৈতিক বতাহ বহু আগতেই কলুষিত কৰি থৈছে৷ বদৰুদ্দিন আজমলৰ এন জি অ’লৈ বিদেশৰ সন্ত্ৰাসবাদী সংগঠনক ফাণ্ডিং কৰা সংস্থাৰ ধন আহে বুলি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অভিযোগ কৰি বিজেপিৰ চৰকাৰ আহিলে আজমলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কৰা ঘোষণালৈ মনত পেলাই দি ভূঞাই মুখ্যমন্ত্ৰীৰ সেই প্ৰতিশ্ৰুতিৰ কি হ’ল বুলি প্ৰশ্ন কৰে৷ তেওঁ কয় যে যদি উক্ত অভিযোগ সঁচা হয়, তেনেহ’লে আজমল আৰু আজমলৰ দলক অসমত নিষিদ্ধ ঘোষণা কৰা উচিত৷ বিজেপিৰ সৈতে থকা গোপন বুজাবুজিৰে আজমলে অসমত ৰাজনীতি কৰি অহা বুলি উল্লেখ কৰি ভূঞাই কয় যে অসমীয়া মানুহক অপমান কৰা আজমলৰ বিৰুদ্ধেঅসমজাতীয় পৰিষদেৰাজ্যৰ বিভিন্ন থানাত ১৪খন এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে আজমলক গ্ৰেপ্তাৰ নকৰাটোৱে বিজেপি চৰকাৰৰ সৈতে আজমলৰ বুজাবুজি থকাৰ কথাটোকে প্ৰমাণ কৰে৷