অহংকাৰী – লখিমী শৰ্মা

Pc Saatchi Art
অহংকাৰী  
নক’বা মোক তুমি অহংকাৰী বুলি
   হৃদয়খন ফাটি চিটি চায় হৈ যায় ,
 নহয় মই অহংকাৰী
আনক কোৱাৰ আগতে
      নিজক সোধা এবাৰ
নিজেই কি
    সকলো ক্ষেত্ৰতে
কোনো কোনো
    কাৰণ আৰু স্বাৰ্থ
জড়িত হৈ থাকে ,
এইয়া সকলোৱে জানে  ।
তথাপি মই তোমাক
আকৌ মনত পেলাই
   দিব খোজো
এনে কথা কৈ আনক
নিদিবা দুখ কেতিয়াও
এদিন কৈ আঁতৰি যাবা
  কিন্তু সেই কোৱা কথাষাৰ
ৰৈ যাব চিৰদিন ,
হুলে বিন্ধা দি বিন্ধি থাকিব
কাৰোবাৰ হৃদয়ত
তুমি কোৱা কথাষাৰিয়ে  ।
তুমি কি বুজিবা
দুখৰ সাগৰত
ডুব খাই ,
হাবু ডুবো খাই থকাজনৰ
অন্তৰৰ উমান ,
বাহিৰত হাঁহি ভিতৰি কান্দি
    থকাজনৰ মনৰ শোক ,
তথাপিও ক’ব খোজো
সলনি হোৱা
এনে নহ’বা কাহানিয়ো  ।।।
  লখিমী শৰ্মা
 যোৰহাট