“অস্তিত্বৰ ৰঙা ৰং: দেৱীৰ উৰ্বৰতা আৰু মানৱীৰ ‘অশুচিতা’ৰ এক কৰুণ বৈপৰীত্য”
অসমৰ বুকুত যেতিয়া লুইতৰ জলধাৰা ৰক্তাভ হৈ পৰে, তেতিয়া নীলাচলৰ বুকুতো জাগি উঠে এক মহৎ উৎসৱ— অম্বুবাচী। কামাখ্যা ধামত দেৱীৰ ঋতুস্ৰাৱক ‘সৃষ্টিৰ আদি শক্তি’ হিচাপে বন্দনা কৰা হয়। হাজাৰ হাজাৰ ভক্তই সেই তেজস্বী ৰঙা বস্ত্ৰখণ্ডক পবিত্ৰ প্ৰসাদ হিচাপে শিৰত তুলি লয়। কিন্তু কিমান আচৰিত আৰু দুৰ্ভাগ্যজনক কথা যে, যি একেই জৈৱিক প্ৰক্ৰিয়াক দেৱীৰ ক্ষেত্ৰত ‘পবিত্ৰ’ বুলি মান্যতা দিয়া হয়, এগৰাকী সাধাৰণ মানৱীৰ ক্ষেত্ৰত সেই একেই প্ৰক্ৰিয়াক ‘অশুচি’ বা ‘অপবিত্ৰ’ৰ বুলি নামাকৰণ কৰা হয়।
ধৰ্মীয় দৰ্শনেই কয় যে ঋতুস্ৰাৱ হ’ল সৃষ্টিৰ আধাৰ। যদি কামাখ্যা দেৱীৰ ঋতুস্ৰাৱে ধৰিত্ৰীৰ উৰ্বৰতাৰ প্ৰতীক বহন কৰে, তেন্তে একেই তেজ এগৰাকী নাৰীৰ দেহৰ পৰা নিৰ্গত হ’লে সেয়া কেনেকৈ অমংগলীয়া হ’ব পাৰে? আচলতে, আমাৰ সমাজত ধৰ্মৰ নামত চলি অহা বহু নীতি-নিয়ম আধ্যাত্মিক নহয়, বৰঞ্চ সেইবোৰ পিতৃতান্ত্ৰিক মানসিকতাৰ হেঁচাত গঢ় লৈ উঠা কিছুমান কুসংস্কাৰহে। নহলেনো দেৱীৰ বাবে যি ঋতুস্ৰাৱ উৎসৱ, মানৱীৰ বাবে সেই একেই ঋতুস্ৰাৱ কেনেকৈ পূজা-পাতল বা মন্দিৰ দৰ্শনত বাধাৰ কাৰণ হ’ব পাৰে? আমি শিলৰ দেৱীৰ ঋতুস্ৰাৱক পূজা কৰোঁ, অথচ তেজ-মঙহৰ নাৰীগৰাকীক একেই প্ৰক্ৰিয়াৰ বাবে ধৰ্ম আৰু নিয়মৰ দোহাই দি মানসিকভাৱে লাঞ্ছিত কৰোঁ।
বিজ্ঞানৰ দৃষ্টিত ঋতুস্ৰাৱ কোনো ৰোগ নহয় বা ই কোনো অশুদ্ধিও নহয়। ই হৈছে এগৰাকী নাৰীৰ প্ৰজনন ক্ষমতাৰ এক স্বাভাৱিক আৰু গৌৰৱময় প্ৰমাণ। গৰ্ভাশয়ৰ এক জটিল অথচ ছন্দময় প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰতিমাহে এগৰাকী নাৰীৰ দেহ সাজু হয় এটা নতুন প্ৰাণ ধাৰণৰ বাবে। যি প্ৰক্ৰিয়াই মানৱ সভ্যতাক ধৰি ৰাখিছে, তাক ‘অপবিত্ৰ’ বুলি কোৱাটো বিজ্ঞান আৰু মানৱতা— দুয়োটোৰে অপমান। কাৰণ, যি ৰক্তৰ পৰা প্ৰাণৰ স্পন্দন আৰম্ভ হয়, সেই ৰক্ত কেতিয়াও অপবিত্ৰ হ’ব নোৱাৰে।
অসমীয়া সমাজত এজনী ছোৱালীৰ প্ৰথম ঋতুস্ৰাৱৰ সময়ত ‘তুলনী বিয়া’ পাতি এক সুন্দৰ পৰম্পৰা পালন কৰা হয়। ঠিক সেইদৰে দাক্ষিণাত্যাতো ইয়াক উৎসৱ হিচাপে পালন কৰা হয়। ইয়াৰ প্ৰকৃত উদ্দেশ্য আছিল কিশোৰীগৰাকীক মানসিক সাহস দিয়া আৰু তেওঁক নাৰীত্বৰ মৰ্যাদাৰে আদৰি লোৱা। ই আছিল নতুন জীৱন আৰু সৃষ্টিৰ ক্ষমতা লাভ কৰা কিশোৰীগৰাকীলৈ জনোৱা এক অভিবাদন। কিন্তু আজিৰ সময়ত এই উৎসৱবোৰ কেৱল বাহ্যিক আড়ম্বৰত সীমাবদ্ধ হৈ পৰিছে। এই উদযাপন কেৱল সামাজিক অনুষ্ঠান নহৈ সচেতনতাৰ এক শক্তিশালী মাধ্যম হোৱা উচিত, যাতে কিশোৰীসকলে লাজ আৰু ভয়ৰ পৰা মুক্ত হৈ নিজৰ শৰীৰৰ প্ৰতি গৌৰৱবোধ কৰিব পাৰে।
আজিও এই প্ৰাকৃতিক চক্ৰটোক লৈ সমাজত অজস্ৰ অন্ধবিশ্বাস বিৰাজমান। ঋতুস্ৰাৱৰ সময়ত নাৰীক পাকঘৰত সোমাবলৈ নিদিয়াৰ পৰা আৰম্ভ কৰি নেপালৰ ‘চাউপড়ী’ প্ৰথাৰ দৰে জুপুৰীত আবদ্ধ কৰি ৰখাৰ দৰে অমানৱীয় কাৰ্য এতিয়াও সমাজৰ কলংক হৈ আছে। আচলতে প্ৰাচীন কালত চিকিৎসা বিজ্ঞান উন্নত নাছিল বাবে ঋতুস্ৰাৱৰ সময়ত হোৱা শাৰীৰিক দুৰ্বলতা আৰু বিষৰ বাবে নাৰীক বিশ্ৰাম দিবলৈহে কিছুমান নিয়ম কৰা হৈছিল। কিন্তু সময়ৰ সোঁতত আৰু শিক্ষাৰ অভাৱত সেই বিশ্ৰামৰ নিয়মবোৰে ‘অশুদ্ধি’ৰ ৰূপ ল’লে। যদি একেই তেজ মাতৃৰ গৰ্ভত নতুন জীৱৰ সৃষ্টিৰ কাৰণ হ’লে আমি মিঠাই বিলাই আনন্দ কৰোঁ, তেন্তে সেই তেজ যোনি পথেৰে নিৰ্গত হ’লে সেয়া অপবিত্ৰ কেনেকৈ হ’ব?
প্ৰকৃত উন্নতি তেতিয়াহে হ’ব, যেতিয়া আমি বন্ধ দুৱাৰৰ সিপাৰে ঋতুস্ৰাৱক লৈ কৰা গোপন আলোচনা বা অহেতুক লাজৰ পৰা ফালৰি কাটি আহিব পাৰিম। যদি আমি শিলৰ মূৰ্তিৰ ঋতুস্ৰাৱত শক্তি বিচাৰি পাওঁ, তেন্তে জীয়ন্ত নাৰীৰ শৰীৰকো সমান সন্মান দিবলৈ শিকিব লাগিব। পবিত্ৰতা কাপোৰৰ ৰঙত বা মন্দিৰৰ চতিয়ানত নাই, পবিত্ৰতা আছে আমাৰ চিন্তাধাৰাত। যিদিনা এজনী ছোৱালীয়ে ঋতুস্ৰাৱৰ সময়ত কোনো সংকোচ নোহোৱাকৈ মূৰ তুলি খোজ দিব পাৰিব, সেইদিনাহে আমাৰ সমাজ প্ৰকৃত অৰ্থত শিক্ষিত হ’ব। সৃষ্টিৰ এই ‘ৰক্তাভ মহিমা’ক অপমান নকৰিব, কাৰণ এই তেজেই হৈছে প্ৰতিজন মানুহৰ অস্তিত্বৰ আদিম চাবিকাঠী।
