অস্তিত্বৰ অন্তঃস্মৃতি
মানৱ অস্তিত্বৰ সূক্ষ্মতম সৌন্দৰ্য্য
কল্পনাৰ নিৰ্জন গগণত
নিৰ্বাক স্বপ্নৰ পাখি মেলি বিস্তৃত হয়।
য’ত কালৰ গাণিতিক মানদণ্ড
আৰু সম্ভাৱনাৰ অনন্ত বিন্দু
আকাংক্ষা, বিশ্বাস, আৰু প্ৰত্যাশাৰে
আত্মপ্ৰকাশ কৰে।
দৃষ্টিৰ পৰা অগোচৰ এক
মায়াময় কেন্দ্ৰত
হাঁহাকাৰ কৰি উৰি ফুৰে।
বাস্তৱ,,
এটা নিৰাসক্ত, নিৰ্মম,
আৰু চিন্তনাতীত কংকালৰ গঠন।
যি আত্মজ্ঞানৰ নৈঃশব্দ্যত খহি পৰে,
আৰু যাৰ প্ৰতিটো কোষত
নিৰ্বেদৰ বিষাক্ত শূণ্যতা
বংশানুক্ৰমে গজালিৰ দৰে গজে।