অসুৰক্ষিত – দিপ্তী মনি গোস্বামী

অসুৰক্ষিত

দিপ্তী মনি গোস্বামী, লখিমপুৰ

চিনাকী মঙহবোৰৰ অচিনাকী তেজ
আত্মীয়তাৰ আবেগ অনুভূতিবোৰত
মাথোঁ কলংৰ গাঢ় চেক।
সংস্কাৰী সৰলতা বোৰে ঠগ খায় খোজ প্ৰতিখোজ
সহানুভূতিবোৰত কৰে মাথোঁ দুৰ্বলতাৰ লেখ জোখ
হৃদয়হীনে জুখিব নোঁৱাৰে হৃদয়ৰ জোখ।
কোনো সুৰক্ষিত নহয় দেশৰ মানুহ
মানুহৰ মুখা পিন্ধা মানুহবোৰ যে অমানুহ
দুঠেঙীয়াৰ স্খলনত হয়তো চাৰিঠেঙীয়াও কম্পমান!
আজিৰ প্ৰেক্ষাপটত সুৰক্ষিত নহয়
স্বয়ং জনমদায়িনীৰো আচল
তেজ নাড়ীবোৰ কিয় নহ’ব অবিশ্বাসী চঞ্চল!