অসীমিত ক্ষোভ
বিউটী হাজৰিকা
কলিয়াবৰ
‘লাষ্ট চাপাৰৰ’ প্ৰেমত পৰি শব্দবোৰ পৃষ্ঠাত
সৰিয়হ ফুল হৈ চকুত লগাকৈ ফুলিছিল,
কাৰণ হালধীয়া এনেও প্ৰিয়।
মাৰ্ক্স-এংগেলছৰ সাম্যবাদী চিন্তাত
সমাজ খন নিজৰ হৈ পৰিছিল,
সৰ্বহাৰৰ প্ৰেমত আন্তৰিকতাৰ
শতদল ফুলিছিল।
সংগ্ৰাম আৰু বিপ্লৱীৰ বুৰঞ্জী পঢ়ি
সাম্প্ৰতিক সময় তাৰেই ফচল যেনে
অনুভৱ হৈছিল,
শিপা বিচাৰি উভতি নহা।
ছদ্মবেশী এচাম ব্যক্তিৰ মুখামুখি হোৱাত
কলিকতাত থাকোঁতেই ভাষা উন্নতিৰ চেষ্টা,
অব্যাহত ৰখা অসমীয়া ছাত্ৰ সকললৈ
মনত পৰিছিল।
জাগিছিল সত্ত্বা,
তথাপিও মুকবধি
কিজানি বা কৈ দিলে
নুবুজে ছদ্মবেশীহঁতে মনৰ বেথা।
গানবোৰ বুদ্ধিমত্তাৰ দৰ্শন হ’ল
জনগণৰ গানে মঞ্চ নোপোৱা হ’ল,
সকলো বাহ্যিক জাতীয়তাবাদী হ’ল
কোঠাৰ ভিতৰত সকলো কাৰোবাৰ ভক্ত ,
মুঠতে সেয়াও মিছা।
মাটিৰ প্ৰেমিক নোহোৱা সকলৰ বাবে
কবিতা কেৱল কিতাপ হ’ল,
বিপ্লৱী কবিতাবোৰ যেন এপাত শেল।
যিয়ে বিন্ধে আৰু বিন্ধে
বৰফ পৰা কবিতাৰ বুকুৱে বুকুৱে।