অসামৰিক প্ৰতিৰক্ষা মক ড্ৰিল’ত দেশৰ যুৱ আৰু ছাত্ৰ সমাজক অংশগ্ৰহণ কৰিবলৈ এবিভিপিৰ আহ্বান
ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়াকৈ কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু সীমান্তৰ সিপাৰৰ পৰা চলি থকা বিভিন্ন চক্ৰান্তকে ধৰি ক্ৰমাৎ বৃদ্ধি পোৱা নিৰাপত্তাজনিত ভাবুকিৰ পৰিপ্ৰেক্ষিতত ৭ মে’ত সমগ্ৰ দেশতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আয়োজন কৰা ‘চিভিল ডিফেন্স মক ড্ৰিল’ত যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই দেশজোৰা মক ড্ৰিল অসামৰিক আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ প্ৰস্তুতি শক্তিশালী কৰাৰ দিশত এক প্ৰয়োজনীয় পদক্ষেপ। এই অনুশীলনত বিমান আক্ৰমণৰ সতৰ্কবাণী চাইৰেন পৰীক্ষা, দুৰ্ঘটনা ব্লেকআউট ড্ৰিল, নাগৰিকক নিৰাপদে উলিয়াই অনাৰ আখৰা, জৰুৰীকালীন অৱস্থাত ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাক সুৰক্ষা ব্যৱস্থাৰ প্ৰশিক্ষণ আদি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও ৰাডাৰ ষ্টেচন, বিদ্যুৎ কেন্দ্ৰ আদি গুৰুত্বপূৰ্ণ সংস্থাপনসমূহ লুকুৱাবলৈও কৌশলগত ছদ্মবেশ কৌশলৰ অভ্যাস কৰা হ’ব। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বিশ্বাস কৰে যে ৰাষ্ট্ৰীয় নিৰাপত্তা কেৱল আমাৰ সেনাৰ দায়িত্ব নহয় বৰঞ্চ ই প্ৰতিজন নাগৰিক বিশেষকৈ যুৱক-যুৱতী সকলৰো দায়িত্ব। আমাৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত সজাগতা, সতৰ্কতা আৰু প্ৰস্তুতিৰ প্ৰতীক কেন্দ্ৰ হ’ব লাগিব। সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু শিক্ষানুষ্ঠানসমূহক এই ‘মক ড্ৰিল’ত সম্পূৰ্ণ উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ, প্ৰশিক্ষণক গুৰুত্বসহকাৰে ল’বলৈ, আৰু এখন সজাগ, অনুশাসিত আৰু সুৰক্ষিত ভাৰত গঢ়ি তোলাত নিজৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে।এবিভিপি অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে ‘এবিভিপিয়ে ‘চিভিল ডিফেন্স ম’ক ড্ৰিল’ক আদৰণি জনাইছে। আমি সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু সাধাৰণ নাগৰিকক এই অভিযানত সম্পূৰ্ণ নিষ্ঠা আৰু উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো আৰু ‘নিৰাপদ, শক্তিশালী আৰু স্বাৱলম্বী ভাৰত’ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা নিশ্চিত কৰিবলৈ আহ্বান জনাইছো। বৰ্তমান সময়ত আমাৰ দেশ ভাৰতবৰ্ষ সন্ত্ৰাসবাদী কাণ্ডৰ উপযুক্ত উত্তৰ দিবলৈ সম্পূৰ্ণ সক্ষম আৰু দেশৰ এই জৰুৰীকালীন সময়ত দেশৰ সকলো নাগৰিক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত সকলো সজাগ হ’ব লাগিব। চৰকাৰী অধিসূচনা অনুসৰি বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, শোণিতপুৰ, কামৰূপ মেট্ৰ’, লখিমপুৰ, দৰং, গোলাঘাট, কাৰ্বি আংলং , কোকৰাঝাৰ আৰু কামৰূপ গ্ৰাম্য জিলাকে ধৰি ৰাজ্যৰ ১৫ খন জিলাত ম’ক ড্ৰিল অনুষ্ঠিত হ’ব। কিন্তু বিদ্যাৰ্থী পৰিষদে অসমৰ বাকী জিলাসমূহকো এই জৰুৰী পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনাইছে।