অসহায় আৰ্তনাদ
অন্নপূৰ্ণা বৰা,যোৰহাট
আন্ধাৰত নিৰ্মজিত অতীতক
কবৰ সজায় ভৱিষ্যতৰ
বুকুত সোনোৱালী পদচিহ্ন ৰখাৰ
পৰিক্ৰমাত বৰ্তমান
অনিশ্চিত জীৱন যদিওঁ, প্ৰতিটো
ঋতুতেই বহাগ আহে
প্ৰতিটো ঋতুয়েদি নিগৰিত হয়
পোৱা-নোপোৱা অথবা জয়-পৰাজয়
অঘোষিত খতিয়ান
মান অভিমান, স্বাভিমানী মন
প্ৰাপ্তিৰ আনন্দ, তথাপিও অপ্ৰাপ্তিৰ নিচান,
মনে বিচৰা সুখতকৈ, সুখী নোহোৱাৰ
অভিনয়ত হয় বিধস্ত বৰ্তমান
প্ৰস্ফূতিত ফুলে নাজানে
কোনোফালে মন্দিৰৰ বাট
কোনো ফালে শ্মশান ঘাট
তথাপিও সুগন্ধি সুৱাস বিলায়
সৃষ্ট কৰে নিৰ্মল আভাস
বৰ্ষা ঋতুত বৰষুণ নহলে
পথাৰ খনে সেউজীয়া হবলৈ চিৎকাৰ কৰে
বুকুৰ সপোন ভঙাৰ দুখত কেতেকীৰ
দুপৰ নিশা হিয়া ভঙা কান্দোন,
নিঠৰ হৈ ৰয় বহু উদাসী বুকু
জীৱন তথাপিও অনুপম
সাধনা হয় জগত জিনাৰ
আশাবাদী মন সকলোবোৰে
সেউজীয়া হব, সুন্দৰ হব
আমি সকলোৱেই এদিন গাম
সত্যম শিৱম সুন্দৰম
