অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ কৰ্মশালা

pc facebook

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ যৌথ উদ্যোগত আৰু লাচিত যুৱ বিকাশ কেন্দ্ৰৰ সহযোগত ওদালগুৰি জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ প্ৰেক্ষাগৃহত ‘নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু ইয়াৰ সৰবৰাহ ৰোধ’ আৰু শিশুক ইয়াৰ পৰা ৰক্ষা কৰাৰ বিষয়ত যুগুতাই উলিওৱা ‘যুটীয়া কাৰ্য আচনি’ সম্পৰ্কত এখন  কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ৰূপা হাজৰিকা, জিলাখনৰ সদৰ মহকুমাধিপতি বিজিতা ডেকা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, শিশু সুৰক্ষা বিষয়া, বিশেষ কিশোৰ আৰক্ষী বিষয়া সমন্বিতে বিভিন্ন চৰকাৰী বিভাগ আৰু বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত শিশুৰ অধিকাৰ সম্পৰ্কীয় আইনগত দিশসমূহ ব্যাখ্যা কৰে গুৱাহাটীৰ নেৰিম আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰীতিৰূপা শইকীয়াই । যুটীয়া কাৰ্য আচনিৰ বিষয়ে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ আইনী উপদেষ্টা দিব্যজ্যোতি শৰ্মাই বিতং ব্যাখ্যা আগবঢ়ায়। উপস্থিত সমল ব্যক্তি সকলে অংশগ্ৰহণকাৰীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। লাচিত যুৱ বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা আগবঢ়োৱা শলাগৰ শৰাইৰে অনুষ্ঠানৰ সমাপ্তি ঘটে।