অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীকৰ স্ৰষ্টা চৌকত আলীৰ দেহাৱসান

অসম ৰাজ্যিক পৰিবহন নিগমৰ প্ৰতীকৰ স্ৰষ্টা চৌকত আলীৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-   ফুটবলাৰ, দক্ষ হকী খেলুৱৈ, প্রথিতযশা চিত্রশিল্পী, আলোকচিত্র শিল্পী, মঞ্চ আৰু চলচ্চিত্র জগতৰ খ্যাতিসম্পন্ন অভিনেতা, প্রখ্যাত চিকাৰী, প্রকৃতিপ্রেমী চৌকত আলী আৰু নাই। ২৪ নৱেম্বৰত ১০৩ বছৰত ভৰি দিয়াৰ প্ৰাক্‌মুহূর্তত তেজপুৰৰ পৰুৱাস্থিত নিজা বাসগৃহত শনিবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে চৌকত আলীয়ে । চৌকত আলীৰ বিয়োগত তেজপুৰৰ ক্ৰীড়াজগত আৰু সাংস্কৃতিক ক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পৰিছে । উল্লেখ্য যে জীবিত অৱস্থাতে বহুমুখী প্রতিভাধৰ ব্যক্তিগৰাকীৰ জীৱন-দর্শন সংপৃক্ত একাধিক গ্রন্থ প্রকাশ হোৱাই নহয়, তেজপুৰ ফটোগ্রাফী ক্লাবে ‘গুণাকৰ’ উপাধিৰে বিভূষিত কৰাৰ উপৰি তেজপুৰ জনসাংস্কৃতিক পৰিষদকে ধৰি ৰাজ্যখনৰ বিভিন্ন অনুষ্ঠানৰ দ্বাৰা সম্বর্ধিত হোৱা চৌকত আলী দীর্ঘদিন ধৰি বার্ধক্যজনিত ৰোগত আক্রান্ত হৈ আছিল। ১৯২৪ চনৰ ২৪ নৱেম্বৰত গুৱাহাটীৰ আমবাৰীত জন্মগ্রহণ কৰা চৌকত আলীয়ে শৈশৱৰ শিক্ষা গুৱাহাটীতে লাভ কৰাৰ লগতে হাইস্কুলীয়া শিক্ষাও গুৱাহাটীৰ সোণাৰাম হাইস্কুলত লাভ কৰিছিল। ১৯৩৯ চনৰ ছেপ্টেম্বৰত সোণাৰাম হাইস্কুলত নাম লগোৱাৰ পৰাই চৌকত আলীৰ বৰ্ণাঢ্য ক্রীড়া জীৱন আৰম্ভ হয়। জীৱনৰ প্ৰথম খেলখনত তেওঁ সোণাৰাম স্কুলৰ হৈ স্কুল টুর্নামেন্টত ফুটবল খেলিছিল। ১৯৪৩ চনৰ পৰা বিখ্যাত মহাৰাণা ক্লাবৰ সদস্য হৈ দেশৰ বিভিন্ন প্ৰান্তত ফুট বল খেলৰ জৰিয়তে তেওঁ গৌৰৱ কঢ়িয়াই আনিছিল।  অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী হিচাপে গুৱাহাটীৰ পৰা বদলি হৈ আহি তেজপুৰত নিগাজিকৈ থাকিবলৈ লোৱা চৌকত আলীয়ে তেজপুৰৰ তৰুণ অসম সংঘ, তেজপুৰ এমেচাৰৰ হৈ ফুটবল, হকী খেলাৰ লগতে প্রশিক্ষণ প্রদান কৰিছিল। ১৯৫৯ চনত বিশিষ্ট ক্রীড়া সংগঠক ইস্কে আলমৰ নেতৃত্বত তেজপুৰত হকী আৰু সাঁতোৰ ক্লাব গঠন হয় আৰু ইয়াৰ জৰিয়তে চৌকত আলী তেজপুৰৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নত আত্মনিয়োগ কৰিছিল। ক্রীড়া প্রতিভাৰ মাজতে শিশু অৱস্থাতেই হাতত ৰং-তুলিকা লৈ দক্ষ চিত্ৰকৰ ৰূপে বহুবাৰ পুৰস্কৃত হোৱা চৌকত আলী ইয়াৰ পৰৱৰ্তী সময়ত এগৰাকী দক্ষ চিত্রশিল্পী হিচাপেও পৰিচিত হৈ পৰে।  ১৯৭১ চনত অসম ৰাজ্যিক পৰিবহণ নিগম (এএছটিচি) ৰ প্রতীকচিহ্নৰ বাবে এক প্রতিযোগিতাৰ আয়োজন কৰা হয়। বহু প্রতিযোগীৰ লগতে চৌকত আলীয়েও প্রতিযোগিতাত অংশগ্ৰহণ কৰে। চৌকত আলীয়ে অংকন কৰা ক’লা-বগা ৰঙৰ দৌৰি থকা গঁড়ৰ চিত্ৰখন নির্বাচিত হয়। তাৰ বাবে তেওঁক তেতিয়াৰ নিগমৰ ডেপুটী ডিৰেক্টৰ ভবেন হাজৰিকাই ১০১ টকাৰে পুৰস্কৃত কৰে। তেতিয়াৰে পৰা আজিলৈকে চৌকত আলীয়ে আঁকা এই দৌৰি থকা গঁড়ৰ প্ৰতীকপটবেই চলি আছে পৰিবহণ নিগমৰ বাছ। অসমৰ পিকাছ’ হিচাপে পৰিগণিত চৌকত আলীৰ চিত্ৰ চাই মানুহৰ চকু ৰৈ গৈছিল। আনহাতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূর্য ফণী শৰ্মাৰ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা এসময়ৰ দক্ষ মঞ্চাভিনেতা আলীয়ে ১৯৪৪ চনত গুৱাহাটীত ‘পুকাৰ’ নামৰ এখন নাটকত অভিনয় কৰি অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত বহুকেইখন চলচ্চিত্ৰতো দক্ষতাৰে অভিনয় কৰিছিল। সেই সময়ত ‘আর্য নাট্যমঞ্চ’, ‘কুমাৰ ভাস্কৰ নাট্য মন্দিৰ’ত হোৱা বিভিন্ন কালজয়ী নাটকত নিয়মীয়াকৈ অভিনয় কৰা চৌকত আলী এগৰাকী সুদক্ষ কৌতুক অভিনেতা হিচাপে সকলোৰে মাজত সমাদৃত হৈ পৰিছিল। ইয়াৰ মাজতে অনিল চৌধুৰী আৰু গিৰীশ চৌধুৰীৰ ‘মাটিৰ স্বৰ্গ’, নিপ বৰুৱা পৰিচালিত ‘স্মৃতিৰ পৰশ’, আনোৱাৰ হুছেইনৰ ‘সৰাপাত’, লক্ষ্যধৰ চৌধুৰী পৰিচালিত ‘নিমিলা অংক’ আৰু বাংলা ছবি ‘মান ৰক্ষ’ত তেওঁ সাবলীল অভিনয় কৰিছিল। বর্ণাঢ্য প্রতিভাৰ অধিকাৰী চৌকত আলী এগৰাকী সুদক্ষ আলোকচিত্র শিল্পী হিচাপে তেজপুৰলৈ অহাৰ পিছত সকলোৰে মাজত জনপ্রিয়তা অর্জন কৰিছিল। তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি মোহিত হৈ কেমেৰা হাতত লৈ বিভোৰ হৈ ফটো তুলি ফুৰিছিল। বিভিন্ন প্রতিযোগিতাত তেওঁৰ কেইবাখনো ফটো পুৰস্কৃত হৈছিল। সদালাপী আৰু অতিথিপৰায়ণতা গুণৰ বাবে সকলোৰে আপোন হৈ পৰা আলী এগৰাকী শৰীৰ সচেতক ব্যক্তিও আছিল। খোজকাঢ়ি ভাল পোৱা চৌকত আলীয়ে এসময়ত বহু দূৰলৈকে খোজেৰে পৰিভ্ৰমণ কৰিছিল।উল্লেখ্য যে ১৯৪৭ চনত এগৰাকী খেলুৱৈ হিচাপে পৰিবহণ নিগমৰ চাকৰিত যোগদান কৰি ১৯৫১ চনত তেজপুৰলৈ বদলি হৈ তেজপুৰতেই বহুমুখী প্রতিভাৰ উন্মেষ ঘটে। প্রকৃতিপ্রেমী চৌকত আলীয়ে নিজ বাসগৃহতে বিভিন্ন প্ৰজাতিৰ ফুলৰ এখন নাৰ্ছাৰীও গঢ়ি তুলি সকলোকে আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল। ২০১৯ চনত তেজপুৰ ফটোগ্রাফী ক্লাবে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ জৰিয়তে ‘গুণাকৰ’ উপাধিৰে বিভূষিত কৰা বহুমুখী প্রতিভাধৰ চৌকত আলীৰ ওপৰত বিশিষ্ট লেখিকা ৰাজু বৰুৱাই ‘চৌকত আলী: এক অনুপ্রেৰিত জীৱন সাধনা’ শীর্ষক গ্রন্থ ৰচনা কৰাৰ লগতে ২০২৩ বৰ্ষত তেজপুৰ জনসাংস্কৃতিক পৰিষদে কবুল শৰ্মাৰ সম্পাদনাত ‘গুণাকৰ চৌকত আলী’ শীর্ষক বিভিন্নজনে লিখা এখন গ্রন্থ প্রকাশ কৰি উলিয়াইছিল। বৰেণ্য শিল্পীগৰাকীক শোণিতপুৰ জার্নেলিষ্ট ইউনিয়নে প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান কৰিছিল। তেওঁৰ দেহাৱসানৰ বতৰা পোৱাৰ পিছতেই পুৱা বাসগৃহত বিভিন্নঅনুষ্ঠানৰ ব্যক্তি উপস্থিত হৈ নশ্বৰদেহত শেষ শ্রদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত দুজন পুত্ৰ, চাৰিগৰাকী বিবাহিত দুহিতা, নাতি-নাতিনীসহ অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।