অসম ৰাজ্যিক দুৰ্ভোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্থায়ী কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন

অসম ৰাজ্যিক দুৰ্ভোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্থায়ী কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এটি স্থায়ী কার্যালয় ভবন গুৱাহাটীৰ বেলতলা মৈদামগাঁৱত প্রায় ছয় বিঘা ভূমিত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনে ভৱনৰ ভূমি পূজন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰি কয় যে-আজি বিভাগটোৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। ২০০৯ চনতে স্থাপন হোৱা এই প্ৰাধিকৰণে বৰ্তমানৰ অসম চৰকাৰৰ বিত্তীয় সাহায্যত প্রায় ১৭ কোটি টকা ব্যায়ৰে স্থায়ী ভৱন নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰে। ইয়াৰে প্ৰথম পৰ্যায়ত প্রায় ১৩ কোটি ৭০ লাখ টকাৰে তিনিমহলীয়া এক ভৱন নিৰ্মাণ কৰা হ’ব, য’ত কাৰ্যালয়ৰ লগতে এক প্রশিক্ষণ কেন্দ্র আৰু উন্নতমানৰ প্ৰযুক্তিগত আহিলা সম্বলিত কোঠাৰো ব্যৱস্থা থাকিব । লোক নিৰ্মাণ (গৃহ) বিভাগৰ উদ্যোগত সম্পূৰ্ণ হ’বলগীয়া এই ভৱনটোৰ ফলত বিভাগটোৰ দীৰ্ঘদিনীয়া এটা সমস্যাৰ সমাধান হোৱৰ লগতে জনসাধাৰণো ইয়াৰ পৰা উপকৃত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব ভাস্কৰ পেগু, গীতাঞ্জলি ভট্টাচাৰ্য, ভাৰত চৰকাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উপ-সঞ্চালক প্রধান কে এন মোহন প্ৰমুখ্যে বিভাগীয় বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।