অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) অসমত দুর্যোগ প্রতিৰোধী আন্তঃগাঁথনিৰ বাবে কন্ট্রেক্টর্চ কনক্লেভআয়োজন কৰে
গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- এখন দুর্যোগ প্ৰতিৰোধী অসমৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ দিশত এক পদক্ষেপ ৰূপে ৰত্নামৌলী পেলেচ হোটেল কক্ষত অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) এখন কন্ট্রেক্টর্চ কনক্লেভৰ আয়োজন কৰে।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি এএছডিএমএৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া, এচিএছ শ্রীমতী মিনাক্ষী দাস নাথে, অসমত বর্তমানে থকা আশ্রয় সাহাৰ্য সুবিধাসমূহৰ ওপৰত চাপ হ্রাস কৰাৰ উদ্দেশ্যে বান সাহাৰ্য শিবিৰৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে অসমৰ বাবে দুর্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ ওপৰত আলোকপাত কৰে আৰু কয় যে অসম সংহত নদী অৱবাহিকা ব্যৱস্থাপনা প্ৰকল্পৰ (এআইআৰবিএমপিৰ) অধীনত অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই লক্ষ্যত উপনীত হোৱাৰ বাবে সক্রিয়ভাৱে আগবাঢ়ি গৈছে। এই গুৰুত্বপূৰ্ণ যাত্ৰাত অর্থপূর্ণভাৱে অংশগ্ৰহণ কৰাৰ বাবে তেখেতে কন্ট্রেক্টৰসকলকো আহ্বান জনায়।
বিশ্ব বেঙ্কৰ সহায়ত কৰ্মৰত এআইআৰবিএমপিয়ে সাংগঠনিক সংস্কাৰ আৰু কৌশলগত আন্তগাঁথনি বিনিয়োগৰ এক সমন্বয়ৰ জৰিয়তে অসমত দুৰ্যোগ প্ৰতিৰোধৰ লক্ষ্যৰে কাম কৰি গৈছে।
এআইআৰবিএমপিৰ অন্তৰ্গত অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মূল কাৰ্যসূচীৰ ভিতৰত প্ৰাৰম্ভিক পৰ্যায়ত আছে বানপানীৰ সময়ত প্রস্তুতিপর্ব, প্রশমন, সাহাৰ্যৰ বাবে অসামৰিক নিৰ্মাণৰ ওপৰত আৰু অসমৰ ১১ খন জিলাত পুনৰুদ্ধাৰ কাৰ্য। মূল আঁচনিসমূহৰ ভিতৰত আছে বহু উদ্দেশ্যীয় নতুন আশ্রয় শিবিৰৰ নিৰ্মাণ, প্রত্যেকটো আশ্রয় শিবিৰেই বানপানী আৰু জৰুৰীকালীন পৰিস্থিতিৰ সময়ত ৫০০ জন ব্যক্তিক আশ্রয় প্রদান কৰা বাবে নিৰ্মাণ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ এএছডিএমএই বর্তমানে বান আশ্রয় শিবিৰ ৰূপে ব্যৱহাৰ হোৱা নিৰ্বাচিত স্কুল ভৱনসমূহক, সেইসমূহৰ গাঁঠনিগত অখণ্ডতাক শক্তিশালীকৰণেৰে আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ জৰিয়তে উন্নীতকৰণ কৰিছে।
অসমৰ অ-সামৰিক সুৰক্ষা আৰু হোম গাৰ্ডৰ আৰক্ষী মহা পৰিদৰ্শক, আইপিএছ শ্ৰী আৰবিন্দ কলিতাই এছডিআৰএফ জোৱান আৰু সামুহিক ভলন্টিয়াৰসকলৰ দুৰ্যোগ সঁহাৰি ক্ষমতাৰ শক্তিশালীকৰণৰ দিশত উন্নত প্রশিক্ষণ সুবিধাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই পদক্ষেপৰ এক অংশ ৰূপে, অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) চাৰ্কোল কুইক ৰেচপন্স টীমক (চিকিউআৰটিএছ) প্ৰশিক্ষণৰ বাবে সাহাৰ্য প্ৰদান কৰাৰ অৰ্থে পানীখাইটিস্থিত কেন্দ্রীয় প্রশিক্ষণ প্রতিস্থানক (চিটিআই), উন্নীতকৰণ কৰিছে, যাৰ দ্বাৰা সমগ্ৰ ৰাজ্যখনত দুর্যোগ সাহাৰ্যৰ ক্ষমতা পুনৰ শক্তিশালী হৈ পৰিছে।
ইয়াৰ উপৰিও জীৱন-ৰহ্মক উপকৰণ জমা কৰি ৰখাৰ বাবে সামগ্রী বেংক আৰু জৰুৰীকালীন চক্ৰ পৰিচালন কেন্দ্র (চিইঅ’চিএছ) ৭খন জিলাত নিৰ্মাণ কৰা হৈছে, যি অসমৰ সমগ্ৰ জিলা সমূহলৈ সম্প্ৰসাৰণ কৰাৰ লক্ষ্য ৰখা হৈছে।
ইয়াৰ পূৰ্বে এফআৰইএমএএৰ উপ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী আৰ কে মজুমদাৰে অসমত সংহত বান নিয়ন্ত্ৰণ আৰু দুৰ্যোগৰ প্ৰভাৱ প্রশমনক বৰ্ধিত কৰাৰ লক্ষ্যেৰে এফআইএমএএ, ডব্লিউআৰডি আৰু এএছডিএমএৰ দ্বাৰা যুটিয়া নেতৃত্বত এআইআৰবিএমপিৰ বিভিন্ন উদ্যোগসমূহৰ ওপৰত এক বিস্তৃত সমীক্ষা আগবঢ়ায়।
কন্ট্রেক্টৰসকলৰ সৈতে এক জীৱন্ত মত বিনিময় বৈঠক সম্পন্ন হোৱাৰ সময়ত এএছডিএমএৰ বিষয়াবগই প্ৰকল্পৰ কাৰিকৰী কৌশল, প্ৰাপ্তকৰণৰ প্ৰক্ৰিয়া আৰু বিত্তীয় পদ্ধতি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত মতামত আগবঢ়ায়।
এই সম্মিলনখনত সহকাৰী মুখ্য অভিযন্তা, পিডব্লিউডি (ভৱন) শ্রী মহেন্দ্র মোহন দাস আৰু মুখ্য কাৰিকৰী বিষয়া, এফআইএমএএ শ্রী ভাস্কৰজ্যোতি দাসো উপস্থিত আছিল।