অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ বিষ্ণু ৰাভা সংগীত প্রতিযোগিতা সম্পন্ন 

অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ বিষ্ণু ৰাভা সংগীত প্রতিযোগিতা সম্পন্ন 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিতৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উপলক্ষে কালি পাঞ্জাবাৰীস্থিত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত কাৰ্যালয়ৰ চৌহদত এখন বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ৷  অনুষ্ঠানৰ আৰম্ভনিতে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে বন্তি প্ৰজ্জ্বলন কৰে। এই প্রতিযোগিতাখন ‘কআৰু ‘খদুটা শাখাত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত মুঠ ৭৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ক’শাখাৰ প্ৰথম পুৰষ্কাৰ – অনুৰাগ কলিতা, দ্বিতীয় পুৰষ্কাৰ – নীৰাজ আৰ শৰ্মা, তৃতীয় পুৰষ্কাৰ যুটীয়াভাৱে লাভ কৰে শাশ্বত দত্ত আৰু প্ৰিয়াঞ্চি বৰ্মনে ৷ তেনেদৰে ‘খ’শাখাত প্ৰথম পুৰষ্কাৰ – ধীৰাজ ডেকা, দ্বিতীয় পুৰস্কাৰ-ভাৰ্গৱী গোস্বামী, তৃতীয় পুৰষ্কাৰ যুটীয়াভাৱে লাভ কৰে দীয়াক্ষী দত্ত আৰু দেৱস্মিতা কাশ্যপে। সংগীত প্রতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত আছিল বিশিষ্ট সংগীত শিল্পী মালবিকা বৰা, সূৰ্য গোস্বামী আৰু সংগীত পৰিচালক অভিজিৎ বর্মন।  বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাখনত অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত উপাধ্যক্ষ ড° আলেখ্য বৰুৱা, অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ পৰিচালন সঞ্চালক নৱজিৎ পাঠকৰ লগতে নিগমৰ বিষয়া-কৰ্মচাৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। সকলো প্রতিযোগীকে একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় ৷