অসম ৰাজ্যিক অঙ্গনাবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যজোৰা অসহযোগ আন্দোলন কাৰ্যসূচী

অসম ৰাজ্যিক অঙ্গনাবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যজোৰা অসহযোগ আন্দোলন কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- বেলতলাস্থিত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্য্যালয়, গুৱাহাটী(নগৰীয়া) সংহত শিশু বিকল্প সেৱা আঁচনি কাৰ্য্যালয়ৰ সমূখত আজি অসম ৰাজ্যিক অঙ্গনাবাড়ী কৰ্মী আৰু সহায়িকা সন্থা(বেলতলা নগৰীয়া সংহত শিশু বিকল্প সেৱা আঁচনি সমিতিৰ উদ্যোগত আৰু CITU ৰ সহযোগত তথা উক্ত সমিতিখনৰ সভানেত্ৰী ভানু সন্দিকৈ আৰু সম্পাদিকা অৰ্পনা দাস আদিৰ নেতৃত্বত প্ৰায় ১২০ গৰাকীমান অঙ্গনাবাড়ী কৰ্মী-সহায়িকাই ৩ অক্টোবৰত আৰম্ভ হোৱা ৰাজ্যজোৰা অসহযোগ কাৰ্যসূচীৰ অংশ হিচাবে অৱস্থানৰত অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰে৷ বেনাৰ-পোষ্টাৰ প্ৰদৰ্শন কৰি চৰকাৰে প্ৰতিশ্ৰুতি মতে কৰ্মী-সহায়িকা সকলৰ মাননি বৃদ্ধি কৰা, অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীক এক কালিন সাহাৰ্য্য ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়া, গ্ৰেছুইটি আদায় দিয়া আৰু অঙ্গনাবাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাবে স্বীকৃতি দিয়াৰ আদি দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷উক্ত সন্থাটোৰ সম্পাদিকা গৰাকীয়ে জনোৱামতে যোৱা ৩ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ উক্ত স্থানতে উক্ত ৰাজ্যজোৰা অসহযোগ কাৰ্যসূচী চলি থাকিব তেওঁলোকৰ দাবী সমূহ পূৰণ নোহোৱালৈকে ৷ আনহাতে ইয়াৰ পাছত অঙ্গনাবাড়ী কৰ্মী-সহায়িকা সকলে জিলাভিত্তিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি জানিবলৈ দিয়ে সম্পাদিকা গৰাকীয়ে।