অসম সোমাব বিভিন্ন ৰাজ্যত খেদা খোৱা বাংলাদেশী মিঞা তথা ৰোহিংগীয়া: হিন্দু সুৰক্ষা সেনা,অসম

অসম সোমাব বিভিন্ন ৰাজ্যত খেদা খোৱা বাংলাদেশী মিঞা তথা ৰোহিংগীয়া: হিন্দু সুৰক্ষা সেনা,অসম

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আৰক্ষী-প্রশাসনে চলোৱা অবৈধ বাংলাদেশী মিঞা আৰু ৰোহিংগ্যাবিৰোধী অভিযান আদৰণীয় যদিও দিল্লীৰ পৰা খেদা খোৱা বাংলাদেশী মিঞা-ৰোহিংগ্যাই যাতে পলাই আহি অসমত থিতাপি ল’ব নোৱাৰে, তাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ উভয়ে চোকা দৃষ্টি ৰাখিব লাগিব।’ এই মন্তব্য ৰাষ্ট্ৰবাদী ভাবধাৰাৰ জাতীয় সংগঠন হিন্দু সুৰক্ষা সেনা, অসমৰ। আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে উক্ত মন্তব্য প্রকাশ কৰি সেনাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কাঞ্চন নাথে কয় যে বাংলাদেশী মিঞা আৰু ৰোহিংগ্যাহঁতে ভাৰতত অনুপ্ৰৱেশ কৰি প্ৰথমে অসম আৰু পশ্চিমবংগত থিতাপি লয় আৰু পাছত এই দুই ৰাজ্যৰ পৰাই নির্দিষ্ট কেতবোৰ চক্ৰৰ সহায়ত দেশৰ অন্যান্য প্রান্তলৈ বিয়পি পৰে বুলি ইতিমধ্যে বিভিন্ন সূত্ৰত প্রকাশ পাইছে। অর্থাৎ এই কথা জলজল-পটপটকে প্রমাণ হৈছে যে উক্ত ৰাজ্য দুখনত অবৈধ বিদেশী মুছলমানক আশ্রয় তথা প্রশ্রয় দিয়াৰ বাবে এক শক্তিশালী ইক’ ছিষ্টেমে কাম কৰি আছে। এনে প্রেক্ষাপটত এইটোও সহজে অনুমেয় যে দেশৰ অন্য প্রান্তত বাংলাদেশী ৰোহিংগ্যাাই কিবা অসুবিধা পালে প্রথমে সিহঁতে আকৌ সিহঁতৰ প্ৰাথমিক আশ্রয়দাতা অসম আৰু পশ্চিমবংগলৈকেই উভতি অহাৰ অপচেষ্টা চলাব, যিটো সম্প্রতি অতিশয় সম্ভাব্য হৈ উঠিছে। বিবৃতিটোত নাথে লগতে কয় যে যদিও বহি ৰাজ্যত চিনাক্ত হোৱা বাংলাদেশী মিঞ, ৰোহিংগ্যাহঁতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, এনে অভিযানত ভীতিগ্রস্ত বহু বাংলাদেশী মিঞা, ৰোহিংগ্যাই আৰক্ষীৰ চকুত ধূলি দি বিভিন্ন ৰাজ্যৰ পৰা ইতিমধ্যে হেজাৰ হেজাৰ বাংলাদেশীয়ে ৰেলপথ, স্থলপথৰ যোগেদি পলায়ন কৰি আহি অসম-বংগতে থিতাপি লৈছে । সেয়ে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এইক্ষেত্ৰত অসম সীমান্তত চোকা দৃষ্টি ৰখা উচিত আৰু যিকোনো সন্দেহজনক লোকক পালেই তৎক্ষণাত আটক কৰি কঠোৰভাবে সোধা-পোছা কৰা উচিত। একেটা বিবৃতিতে সেনাৰ সভাপতিগৰাকীয়ে কয় যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পিছত এতিয়া হয়তো দেশৰ সমগ্ৰ ৰাজ্যত আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ সংশিষ্ট চৰকাৰসমূহেও বাংলাদেশী মিঞা, ৰোহিংগ্যা আদি অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব; যাৰ পৰিণতিত বিদেশীৰ ৰম্যভূমি অসমৰ বাবে অধিক প্রত্যাহ্বানমূলক পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি মন্তব্য কৰে। আৰু লগতে সেনাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আকাশ শইকীয়াই কয় যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী, মহানগৰীত লাখ লাখ বাংলাদেশী মিঞা,ৰোহংগীয়াই গুৱাহাটীস্থিত থলুৱা একাংশ মানুহৰ বাসগৃহত ভাৰাঘৰত আশ্ৰয় লৈ জীবনযাপন কৰি আহিছে ৷গতিকে এই ক্ষেত্ৰতো চৰকাৰে কঠোৰ দৃষ্টি ৰখাৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ৷