অসম সাহিত্য সভা বাৰ্তা উন্মোচন

অসম সাহিত্য সভা বাৰ্তা উন্মোচন
অসম সাহিত্য সভা বাৰ্তা সাহিত্য সভাৰ কাম-কাজৰ দলিল স্বৰূপঃ ড০ বসন্ত কুমাৰ গোস্বামী

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভা বাৰ্তাখন সাহিত্য সভাৰ কাম-কাজৰ দলিল স্বৰূপ। এই বাৰ্তাত সভাই ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচীৰ বা-বাতৰি, সভাৰ তথ্য-লিখনিৰে সমাজলৈ বাৰ্তা প্ৰদানৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছে। বৰাক-ব্ৰহ্মপুত্ৰৰ মহমিলনৰ প্ৰত্যাশাৰে ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পেৰে কাছাৰ জিলাৰ শিলচৰৰ বংগ ভৱনত অলপতে অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ শিলচৰ অধিৱেশনত অসম সাহিত্য সভা বাৰ্তাৰ দ্বিতীয় সংখ্যা উন্মোচন কৰি সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ মুখ্য সম্পাদনা আৰু কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথৰ সম্পাদনাত প্ৰকাশিত আই.এছ.এছ.এন ২৪৫৪-১৫৪০ সংখ্যাযুক্ত আৰু ইন্টাৰনেট সংস্কৰণত উপলব্ধ অসম সাহিত্য সভা বাৰ্তা উন্মোচনী অনুষ্ঠানত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেৱজিৎ বৰা, ধনভৰালী মণিৰাম লাহন, মন্ত্ৰী কৌশিক ৰয়, কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তা, বিধায়ক দ্বীপায়ন চক্ৰৱৰ্তী সমন্বিতে বিশিষ্ট অতিথিসকলে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। উক্ত সমগ্ৰ কাৰ্যসূচীৰ আঁত ধৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই।।