অসম সাহিত্য সভা : এক চমু অৱলোকণ – দীপক শৰ্মা

Pc Wikipedia

অসম সাহিত্য সভা : এক চমু অৱলোকণ

– দীপক শৰ্মা,
 বোন্দা, নাৰেংগী

অসম সাহিত্য সভাৰ জন্ম হৈছিল আজিৰ পৰা ১০৬ বছৰ ১১ মাহ আগত । কেইগৰাকীমান মহান সমাজ সচেতন, অসম প্ৰাণ, অসমীয়া ভাষা হিতৈষী, অসমীয়া ভাষা-সাহিত্যক বিশ্বৰ বুকুত জিলিকাই তুলিব খোঁজা লোকৰ আপ্ৰাণ আশাশুধীয়া শ্ৰম আৰু প্ৰচেষ্টাৰ বলত অসম সাহিত্য সভাই ভূমিষ্ঠ হৈছিল । সেই জয়যাত্ৰা আজিলৈকে বৰ্তি আছে । আমাৰ ধাৰণা : ব্ৰহ্মপুত্ৰ যেতিয়ালৈ বৈ থাকিব তেতিয়ালৈ অসম সাহিত্য সভা আৰু অসমীয়া ভাষাৰ বিপৰ্যয় নহয় । অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীৰ গভীৰ চিন্তা আৰু দূৰদৰ্শিতাৰ বহল পৰিধিৰ কাৰণে অসম সাহিত্য সভাৰ দৰে এক বিশাল পৰিধিৰ জাতীয় অনুষ্ঠানলৈ ৰূপান্তৰ হোৱা এই অসম সাহিত্য সভা আজিও অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নগালেণ্ডৰ মানুহৰ অন্তৰত উজ্জীৱিত হৈ আছে । অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, অসম হিতৈষী কুলধৰ চলিহা, গৌৰিকান্ত তালুকদাৰ আছিল শৰৎ চন্দ্ৰ গোস্বামীৰ সো‍ঁহাত স্বৰূপ । নলে – গলে লগা বন্ধু । এই তিনি কাণ্ডাৰী আপ্ৰাণ চেষ্টাৰ কথা বৰ বিশেষ পোহৰ নাপালে । আনকি শৰৎ চন্দ্ৰ গোস্বামীক সভাপতিৰ পদো অলঙ্কৃত কৰিবলৈ দিয়া নহ’ল । এই প্ৰসঙ্গতে ড০ বাণীকান্ত কাকতি, দণ্ডিনাথ কলিতা, ড০ প্ৰফুল্ল দত্ত গোস্বামী, ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, ড০ গোলোক চন্দ্ৰ গোস্বামী, ড০ নবীন চন্দ্ৰ শৰ্মা, অধ্যাপক উপেন্দ্ৰনাথ শৰ্মা, ড০ মামনি ৰয়ছম গোস্বামী, নীলমণি ফুকন, জ্যোতিপ্ৰসাদ আগৰৱালা, গৌৰিকান্ত তালুকদাৰ, কুলধৰ চলিহা, চন্দ্ৰপ্ৰভা শইকীয়ানী, উপেন্দ্ৰনাথ গোস্বামী, তিলক হাজৰিকা, নিৰোদ চৌধুৰী, ড০ ৰামচৰণ ঠাকুৰীয়া, ড০ ভৱেন্দ্ৰনাথ শইকীয়া আদি বলীষ্ঠ ভাষাৰে অসমীয়া আৰু জাতিক ধন্য কৰিছে বা কৰি গৈছে । সেই সকলক অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰা নহ’ল । কিমান পৰিতাপৰ কথা । অসম সাহিত্য সভাৰ বিতৰ্কৰ কাৰাগাৰত কেতিয়াবা বন্দী হয় । সেই কথা বিশেষ চিন্তা কৰিবলগীয়া আওতাত নাহে । আমাৰ দৃষ্টিত ক্ষুদ্ৰতম বুলি ভাবো । অসম সাহিত্য সভাৰ দৰে বিশাল অনুষ্ঠানত গঠনমূলক, যোগাত্মক কথা হ’লে ভাল হয় । ব্যক্তি স্বাৰ্থ পৰিহাৰ কৰিব লাগে । ড০ বাণীকান্ত কাকতি, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আদিৰ দৰে দেশপ্ৰেমিক, জাতিপ্ৰেমিক‌ হ’ব পাৰিব লাগিব । অনুবাদৰ প্ৰশিক্ষণ দিয়াব‌ লাগিব । ইংৰাজী, অসমীয়া ভাষা শুদ্ধ ৰূপত লিখিব পৰা হ’ব লাগিব । তেতিয়া অসম সাহিত্য সভাৰ ৰূপ সলনি হ’ব । অসম সাহিত্য সভাৰ মজিয়াত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যক্তিস্বাৰ্থ পৰিহাৰ কৰক । সাহিত্য সভাত সাহিত্যহে চৰ্চা হ’ব লাগে । আহক আমি সকলোৱে অৰ্থাৎ প্ৰতিজন অসমীয়াই , অসমত বসবাস কৰা প্ৰতিজন জাতি- জনজাতি, উপজাতি সকলো লোকে অসম সাহিত্য সভাৰ সঠিক দিশৰ দিক নিৰ্ণায়কৰ ভূমিকা লওক ।
আশা: অসম সাহিত্য সভাৰ দায়িত্বশীল প্ৰতিজন কৰ্মকৰ্তাই সমালোচনা শুনি সঠিক পথত খোঁজ দিয়ক ।