অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ উদ্যোগত কাৰ্বি আংলংত ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উদযাপনৰ প্ৰস্তুতি

Pc Wikipedia

অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ উদ্যোগত কাৰ্বি আংলংত ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস উদযাপনৰ প্ৰস্তুতি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশ্ববৰেণ্য শিল্পী, সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতি দিৱসটি সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ লগতে ডিফু আঞ্চলিক কাৰ্যলয়ৰ উদ্যোগত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত আৰু ৰজাপথাৰ শাখা সাহিত্য সভাৰ আতিথ্যত অহা ৫ নৱেম্বৰ দেওবাৰে এদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে “ৰজাপথাৰ তিনিআলি”ত উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে বুলি সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰী, আহ্বায়ক অৱনী ৰঞ্জন পাঠক, ডিফু আঞ্চলিক কাৰ্যলয়ৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা, জিলা সভাৰ সম্পাদক দিগন্ত বৰা, শাখা সভাৰ সম্পাদক প্ৰভাত বৰদলৈয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে । উক্ত দিনা পুৱা ৮-৩০ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব ৰজাপথাৰ সাহিত্য সভাৰ সভাপতি উমেশ কাকতিয়ে । ৮-৩০ বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন মুকলি কৰিব জিলা সাহিত্য সভাৰ সভাপতি ভবেন চন্দ্ৰ কোচে আৰু বন্তি প্ৰজ্বলন কৰিব ৰজাপথাৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পৰমানন্দ তালুকদাৰে । ৯-১৫ বজাত ক্ৰমে গোলক বৰা সোঁৱৰণী মঞ্চ আৰু গোপেশ্বৰ বৰদলৈ সোঁৱৰণী মঞ্চ মুকলি কৰিব সমাজকৰ্মী ধনছিং তেৰাং আৰু জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভবেশ ৰাজবংশীয়ে । ১০ বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰদৰ্শনীমূলক গীত আৰু নৃত্যৰ অনুষ্ঠানৰ অন্তত দিনৰ ১২ বজাৰ পৰা সম্বৰ্দ্ধনা অনুষ্ঠান আৰু আমন্ত্ৰিত শিল্পীৰ গীতৰ নান্দনিক অনুষ্ঠান অনুষ্ঠিত হ’ব । এই অনুষ্ঠানত কাৰ্বি আংলং জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে মুখ্য অতিথি, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেকথে বিশেষ অতিথি, সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিশিষ্ট সাংবাদিক দীপক শৰ্মা, ৰাংছিনা ভৱনৰ অৱৰক্ষণ সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন বৰা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰিমোহন জিদুং বিশিষ্ট অতিথি, ৰাংছিনা ভৱনৰ গৱেষণা বিষয়া সুৰঞ্জনা হাচনু, সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ আহ্বায়ক মঞ্জু হাজৰিকা, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ক্ৰীড়া বিভাগৰ অধ্যক্ষ লংকি বে’, সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সঞ্জু বৰা, সাহিত্যিক সুতৰাম দাস, ডম্বৰুধৰ হাজৰিকা, জিতেন শইকীয়া, কেশৱ তেৰাং,ছাৰছ’ তিছ’, যাদৱ চন্দ্ৰ বৰদলৈ, শৰৎ পাটৰ সন্মানীয় অতিথি হিচাপে অংশ ল’ব। অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী তৃঞ্চা দেৱী, কুইন দাস, জয়মতী নাৰ্জাৰী, প্ৰশান্ত ৰাজখোৱাই গীত পৰিবেশন কৰিবলগা সভাত বিশিষ্ট শিল্পী তথা কাৰ্বি কালচাৰেল ছ’চাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ আৰু সমাজকৰ্মী অমৰ বৰদলৈৰ সম্বৰ্দ্ধনা জনোৱা হ’ব । অনুষ্ঠানত সমগ্ৰ সাহিত্য-সংস্কৃতিপ্ৰেমী ৰাইজৰ উপস্থিতি অতি আন্তৰিকতাৰে উদ্যোক্তাসকলে কামনা কৰিছে।