অসম সাহিত্য সভাৰ সর্বশাস্ত্র বিশাৰদ আনন্দৰাম বৰুৱাৰ ১৭৫ বছৰীয়া জন্ম জয়ন্তী পালন
পতঞ্জলি মহাভাষ্যৰ অসমীয়া অনুবাদৰ তিনিটা খণ্ড হ’ব উন্মোচন
জিলা সাহিত্য সভা আৰু সমূহ শাখা সাহিত্য সভাকো পালনৰ আহ্বান
ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে পালন কৰিব বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱাৰ ১৭৫ বছৰীয়া জন্মজয়ন্তী। অসম সাহিত্য সভাৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সহযোগত গুৱাহাটী ভগৱতীপ্ৰসাদ বৰুৱা ভৱন চৌহদস্থিত সংগীতাচার্য্য লক্ষ্মীৰাম বৰুৱা সদনত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত হ’বলগীয়া এই জন্ম জয়ন্তী অনুষ্ঠানত মুখ্য বক্তাৰূপে উপস্থিত থাকিব অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড° মালিনী গোস্বামী। অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাই আন্তৰিকতাৰে প্ৰকাশ কৰা সদস্য মহীয়ান মহেশ্বৰ হাজৰিকাই অসমীয়ালৈ অনুবাদ কৰা ‘পতঞ্জলিৰ মহাভাষ্য’ৰ তিনিটা খণ্ড আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব। এই তিনিটা খণ্ড উন্মোচন কৰিব ক্রমে অসম সাহিত্য সভাৰ মাননীয় প্রাক্তন সভাপতিদ্বয় ড° ধ্ৰুৱজ্যোতি বৰা, ড° সূর্যকান্ত হাজৰিকা আৰু সংস্কৃত পণ্ডিত তথা প্রাক্তন উপাচার্য ড° দীপক কুমাৰ শৰ্মাই। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ড° ৰবীন দেৱ শৰ্মা, ড° ৰাজেন শৰ্মা আৰু ময়ূৰ বৰা । দিনৰ ১ বজাত চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হ’বলগা সভাখনত বেদ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা আনন্দৰাম বৰুৱাৰ বিষয়ে লিখা স্তোত্ৰ পৰিৱেশনৰ লগতে আনন্দৰাম বৰুৱাক লৈ সভাৰ সুহৃদ মধু পাটোৱাৰীয়ে ৰচনা কৰা আৰু প্ৰসেনজিত লাহনে সুৰ কৰা বিশেষ গীত পৰিৱেশন কৰা হ’ব বুলি এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দি উক্ত সভাত সমূহ সাহিত্য অনুৰক্তৰ উপস্থিতি কামনা কৰিছে । উল্লেখ্য যে, জিলা সাহিত্য সভা আৰু এহেজাৰ স্বীকৃতিপ্ৰাপ্ত শাখা সাহিত্য সভাকো প্ৰথম অসমীয়া প্ৰসাশনিক বিষয়া তথা প্ৰথম অসমীয়া স্নাতক আনন্দৰাম বৰুৱাৰ জন্ম জয়ন্তী পালনৰ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক গৰাকীয়ে।।