অসম সাহিত্য সভাৰ মৰ্যাদা ম্লান হৈ পৰিছে নেকি – আয়শা ছিদ্দিকা (আছৰি),

অসম সাহিত্য সভাৰ মৰ্যাদা ম্লান হৈ পৰিছে নেকি

আয়শা ছিদ্দিকা (আছৰি),
বাংলিপাৰা, বৰপেটা 

অসমীয়া ভাষা অসমীয়া জাতি ৰক্ষাৰ হকে সাহিত্যক সকলৰ সাহিত্যৰ প্ৰভাৱৰ কথা আমি নুই কৰিব নোৱাৰোঁ।ভাষা, কৃষ্টি, সংস্কৃতিক সাহিত্যই বিশ্ব দৰবাৰত আৰু এখোজ আগুৱাই লৈ যোৱাত সহায় কৰে এক সেতু স্বৰূপে।

অসমীয়া ভাষা, কৃষ্টি,সংস্কৃতি আগুৱাই লৈ যোৱাৰ বাবে ১৯১৭ চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰি সাহিত্য চৰ্চা, সাহিত্যৰ বিকাশ আদিৰ যোগেদি সমাজৰ অন্ধবিশ্বাস , কুসংস্কাৰ আদি উফৰাই এক নিৰ্মূল সমাজ গঠনৰ এক মাধ্যম স্বৰূপ হৈছিল বুলি ক’লেও ভুল নহ’ব।

 বিশিষ্ট সাহিত্যিক পদ্মনাথ গোহাঞিবৰুৱা, শৰৎচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, ডিম্বেশ্বৰ নেওগ , মফিজুদ্দিন আহমদ হাজৰিকা আদি কৰি অসংখ্য সাহিত্যিক সকলে নিজৰ প্ৰতিভা, নিজৰ কলা, সাধনা নিজৰ  আদৰ্শৰে অসমীয়া সমাজ, অসমীয়া সংস্কৃতি, আৰু অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তাহানিৰে পৰাই অসম সাহিত্য সভাৰ এক মৰ্যাদাপূৰ্ণ স্থান দখল কৰি আহিছে। অসমীয়া ভাষাৰ কাৰণে এক শক্তিশালী ভেঁটি স্বৰূপ অসম সাহিত্য সভা মঞ্চখন ।

অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম নজনাৰ বাবে এটা সময়ত শিক্ষকৰ চেকণিৰ কোব খোৱা আৰু সাধাৰণ জ্ঞান বিষয়ত অসম সাহিত্য সভা সম্পৰ্কৰ প্ৰশ্নৰ উত্তৰ লিখাৰ কথাও মনত পৰে । কিন্তু ইতিমধ্যে হোৱা অসম সাহিত্য সভাৰ  পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ কিছু দৃশ্যই ভাবিবলৈ বাধ্য কৰিছে অসমীয়া ভাষা, সংকৃতিৰ ভৱিষ্যত কি…?

আমি সৰুতে পঢ়া অসম সাহিত্য সভাৰ মৰ্যাদা আগৰ দৰেই অক্ষুণ্ণ আছে নে ম্লান হৈছে সময়ৰ স্ৰোতত।

সামাজিক মাধ্যমত চৰ্চিত এটা বিষয় হৈ পৰিছে এইটো। একাংশই কৈছে ক্ষমতাৰ স্বাৰ্থত হুলস্থূল হৈছে একাংশই কৈ আছে ৰাজনৈতিক হস্তক্ষেপে সাহিত্য সভাৰ নিৰপেক্ষতাক কলুষিত কৰিছে।

কথা  লাগিলে যিয়েই নহওঁক সাহিত্য সভাৰ দৰে ইমান মৰ্যদাসম্পন্ন এটা অনুষ্ঠানৰ বাৰ্ষিক অধিৱেশনত বিশিষ্ট সাহিত্যিক ৰূপে পৰিচিতি পোৱা সাহিত্যিক প্ৰতিনিধি হৈ মঞ্চত অকথ্য কথা, কাজিয়া,কিংবা হুলস্থূলৰ দৰে এক বিশৃঙ্খল পৰিস্থিতি হোৱাটো অত্যন্ত লজ্জাজনক।

সাহিত্যৰ বৰ পথাৰখনত নতুনকৈ খোজ দিব খোজা নৱ প্ৰজন্মৰ সাহিত্যিক সকলে কাক আদৰ্শ বুলি জ্ঞান কৰি  আগুৱাই যাব। য’ত প্ৰবীণ সাহিত্যিক সমাজ নিজৰ মাজতে কাজিয়াত লিপ্ত তাতে নবীন সকলৰ গতি কি…?

দেশৰ মানুহৰ হৈছে কি সকলোতে হিংসা, বিদ্বেষ, দ্বন্দ ক’তো যেন শান্তি নাই। এতিয়া যদি সাহিত্যৰ এই নীৰৱ শান্ত পথাৰত দ্বন্দৰ আভাস পৰে ই জাতিটোক অভ্যন্তৰীণ ফালৰ পৰা জুৰুলা কৰি পেলাব।

  সাহিত্য সভাত যদি ৰাজনৈতিক হস্তক্ষেপ আছে তেন্তে ৰাজনীতিৰ ছাৰ পৰা আঁতৰাই, সাহিত্য-সংস্কৃতি চৰ্চাৰ মৌলিক কামত প্ৰবীণ সাহিত্যিকসকলে দায়িত্বশীল ভূমিকা পালন কৰি, নৱপ্ৰজন্মক সঠিক পথ দেখুওৱা উচিত।আমাৰ ভাষা-সংস্কৃতি ৰক্ষা, বিকাশ আৰু বিশ্ব দৰবাৰত স্থান সাব্যস্ত কৰাৰ যি মহান লক্ষ্যৰে সাহিত্য সভাৰ জন্ম হৈছিল, সেই লক্ষ্যৰ প্ৰতি নিষ্ঠাৰে পুনৰ মনোগ্ৰাহী হোৱা উচিত। অন্যথা সাৰ পানী নথকা এক জঁকা হৈ পৰিব সমাজ।

সেই গতিকে নৱ প্ৰজন্মৰ দিশ নিৰ্দেশক হিচাপে, আদৰ্শ হিচাপে সাহিত্য সভাৰ গুৰুত্বও ম্লান হৈ যাব নিদিব।

সকলো স্বাৰ্থৰ উৰ্দ্ধত নিজৰ ভাষা নিজৰ সংস্কৃতি।

  “চিৰ চেনেহী মোৰ ভাষা জননী।”