অসম সাহিত্য সভাৰ মন জুৰুৱা অনুষ্ঠান
সভাপতি-প্ৰধান সম্পাদকক বিশেষ সম্বৰ্ধনা
গুৱাহাটী কাৰ্যালয়ৰ দায়িত্ব অৰ্পণ
ফল্গুৎসৱত সাংস্কৃতিক অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভা নামৰ চন্দ্ৰাতাপৰ তলত সকলো জাতি জনগোষ্ঠীয়ে সুৰক্ষিত অনুভৱ কৰিব। অকল গ্ৰন্থ প্ৰকাশেই নহয়, ডিজিটেল মাধ্যমৰ যোগেদিও শিশু-চেমনীয়াসকলক সাহিত্যমুখী কৰাৰ ব্যৱস্থাৰ লগতে প্ৰতিখন জিলাতেই বিজ্ঞান মেলা অনুষ্ঠান, আবৃত্তি কোষ গঠন কৰা হ’ব। আজি অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত মন জুৰুৱা অনুষ্ঠানত বিশেষ সম্বৰ্ধনা গ্ৰহণ কৰি সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয় । ভাষণ প্ৰসংগত সভাপতিগৰাকীয়ে অসমীয়া ভাষা কথন-উচ্চাৰণত অধিক সাৱধান হোৱাৰ আহ্বান জনাই কয় যে অসমবাসীৰ সহায় আৰু সহযোগিতাই সাহিত্য সভাৰ পৰম শক্তি। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ আতিথ্যত ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত অসম সাহিত্য সভাৰ ফল্গুৎসৱ উপলক্ষে মন জুৰুৱা উক্ত বৰ্ণাঢ্য অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই বিপুল সম্বৰ্দ্ধনা গ্ৰহণ কৰি কয় যে হৃদয়ৰ বান্ধোনেৰে অসম সাহিত্য সভাক আগুৱাই লৈ যাব লাগিব। সংস্কৃতিৰ বাৰ্তা কঢ়িয়াই বাদ-বিবাদ আঁতৰাই সভাখনৰ বিশ্বমুখী যাত্ৰাক ক্ষিপ্ৰতৰ কৰিব লাগিব। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সৱিতা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অসম সাহিত্য সভাৰ বিদায়ী প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা, ধনভৰালী মণিৰাম লাহন, বিদায়ী ধনভৰালী মিহিৰ বৰুৱা, কৰ্ণধাৰ সমিতিৰ সদস্য ধীৰেণ শৰ্মা, কন্দৰ্প শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, অনংগ কুমাৰ নাথ, নৱমনোনীত সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ পাঠক, জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমণি চৌধুৰী, অসম সাহিত্য সভাৰ কুঁহি উপ-সমিতিৰ প্ৰাক্তন আহ্বায়ক শংকুসিদ্ধ নাথ, কেন্দ্ৰীয় কাৰ্যালয়ৰ সচিব অশোক সেনাপতি, ডাঃ মৃন্ময় কুমাৰ নাথ, ৰমেন ভৰালী, ভূমিধৰ ৰয় প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, জিলা সভা-শাখা সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক দীপাংকৰ ৰায়মেধি আৰু সাহিত্য সংগঠক আজিজুৰ ৰহমান শইকীয়াই আঁত ধৰা সমগ্ৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি- প্ৰধান সম্পাদকৰ নিৰ্দেশ মৰ্মে গুৱাহাটী কাৰ্যালয়ৰ বিদায়ী সম্পাদক প্ৰফুল্ল বৰ্মনে নৱমনোনীত সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মাক আনুষ্ঠানিকভাৱে গুৱাহাটী কাৰ্যালয়ৰ দায়িত্ব অৰ্পণ কৰে। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখনত বাচকবনীয়া শিল্পীয়ে পৰিৱেশন কৰা বৰগীত, হোলী-গীত, লোকগীত, নৃত্য প্ৰদৰ্শনে অনন্য মাত্ৰা প্ৰদান কৰে।