অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক শৈলেন কুমাৰ ৰাজবংশী অসুস্থ

অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক শৈলেন কুমাৰ ৰাজবংশী অসুস্থ
স্বাস্থ্যৰ বুজ ল’লে অসম সাহিত্য সভাৰ সভাপতি-প্ৰধান সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াই

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ মঙ্গলদৈ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শৈলেন কুমাৰ ৰাজবংশী কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। এই খবৰত বেদনাগ্ৰস্ত হোৱা অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেৱজিৎ বৰা, ধনভৰালী মণিৰাম লাহন, প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অৱনীমোহন চহৰীয়া, গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মা, প্ৰাক্তন কুঁহি আহ্বায়ক শংকুসিদ্ধ নাথ, সচিব অশোক সেনাপতি, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চহিৰ ভূঞা, দৰং জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি মুকুট হাজৰিকা প্ৰমুখ্যে এটা সজাতি দলে সম্প্ৰতি নিজৰ গৃহতেই চিকিৎসাধীন অৱস্থাত থকা দৰঙ জিলাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ একনিষ্ঠ সেৱক ৰাজবংশীৰ বাসগৃহত কালি উপস্থিত হৈ মত-বিনিময় কৰি ক্ষীপ্ৰ আশু-আৰোগ্য কামনা কৰে।