অসম সাহিত্য সভাৰ, প্ৰথম বাৰৰ বাবে আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্ম দিবস উদযাপন

অসম সাহিত্য সভাৰ, প্ৰথম বাৰৰ বাবে আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্ম দিবস উদযাপন,
প্ৰশস্তি গীত উদ্বোধন,”পতঞ্জলি মহাভাষ্য”ৰ উন্মোচন :

ৰঙিলী বাৰ্ত্তাসেৱা- ব্ৰিটিছ পণ্ডিত মেক্সমুলাৰ বা উইলিয়ামছৰ সৈতে তুলনামূলকভাৱে প্ৰখৰ মেধাসম্পন্ন প্ৰাচ্য পণ্ডিত আনন্দৰাম বৰুৱাৰ বুদ্ধিমত্তা আৰু উদ্ভাৱনী সক্ষমতাৰ সামঞ্জস্য বিচাৰ কৰিলে চকমপ্ৰদ অভিজ্ঞতা লভিব পৰা যায়। আনন্দৰাম বৰুৱাৰ প্ৰথম কাম হিচাপে বিবেচিত , তেওঁ প্ৰণয়ন কৰা ইংৰাজী-সংস্কৃত অভিধানৰ বাছকবনীয়া শব্দ নিৰ্মাণৰ জৰিয়তে। যেনে: তড়িৎ বাৰ্তাবাহক , উপ প্ৰতি সমাহৰ্তা, উপায়ুক্ত আদি যিবিলাক শব্দ কাহানিও পৃথিৱীৰ কোনো ভাষাত নাছিলেই বুলি জন্ম দিৱস অনুষ্ঠানত মুখ্য বক্তাৰূপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° মালিনী গোস্বামীয়ে।অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়, চন্দ্ৰকান্ত সন্দিকৈ ভৱন যোৰহাট আৰু অসম সাহিত্য সভা গুৱাহাটী কাৰ্যালয়ৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হোৱা ক্ষণজন্মা বিশ্ববন্দিত পণ্ডিত, অসমৰ ১ম গৰাকী স্নাতক, চিভিলিয়ান আনন্দৰাম বৰুৱাৰ ১৭৫ সংখ্যক জন্ম দিৱস উপলক্ষে আজি বিয়লি”অসম সাহিত্য সভা”ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সহযোগত দুপৰীয়া ১ বজাত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আয়োজন কৰা হয় এক শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান। উক্ত অনুষ্ঠানতে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ অহোপুৰুষাৰ্থত বাণীবদ্ধ হোৱা আনন্দৰাম বৰুৱাদেৱৰ জীৱন আধাৰিত প্ৰশস্তি গীতটি অসম সাহিত্য সভাৰ সকলো জিলা সাহিত্য সভা, শাখা সাহিত্য সভা আৰু অন্যান্য প্ৰতিষ্ঠানত আজি মুকলি কৰাৰ লগতে বিশ্ববাসীলৈ উছৰ্গিত কৰা হয়। অসম সাহিত্য সভাৰ প্ৰতি শ্ৰদ্ধাশীল, অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ অনুৰাগী ৰাইজৰ উপস্থিতিত অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উন্মোচন কৰা হয় অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত আৰু অসম সাহিত্য সভাৰ সদস্য মহীয়ান ড° মহেশ্বৰ হাজৰিকাই অসমীয়ালৈ অনুবাদ কৰা পতঞ্জলি মহাভাষ্যৰ তিনিটা খণ্ডৰ। এই তিনিটা খণ্ড উন্মোচন কৰে ক্ৰমে —অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকা, সংস্কৃত পণ্ডিত, প্ৰাক্তন উপাচাৰ্য ড° দীপক কুমাৰ শৰ্মা আৰু ড° ৰবীন্দ্ৰনাথ দেৱ শৰ্মাই ৷ অনুষ্ঠানৰ শোভা বৰ্দ্ধন কৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড° ৰবীন দেৱ শৰ্মা, ময়ূৰ বৰা, অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা, কামৰূপ মহানগৰ জিলাৰ সভাপতি প্ৰফুল্ল বৰ্মন, সম্পাদক অৰুণ মহন্ত, গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডক্তৰ সঞ্জীৱ কুমাৰ শৰ্মা। অনুবাদ প্ৰকল্প উপ-সমিতিৰ আহ্বায়ক হৃদয়ানন্দ গগৈয়ে আঁত ধৰা অনুষ্ঠানত ৰুমী ভূঞাৰ পৰিচালনাৰে আনন্দৰাম বৰুৱাৰ জীৱন আধাৰিত এটি গীত পৰিৱেশন কৰা হয় ৷