অসম সাহিত্য সভাৰ নতুন সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামী
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত অপেক্ষাৰ অন্ত পৰিল। ঘোষণা কৰা হ’ল অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ নাম। কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু দদৰা আঞ্চলিক সাহিত্য সভাৰ আতিথ্যত ভৃগু কুমাৰ ফুকন প্রেক্ষাগৃহত অনুষ্ঠিত পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ অন্তত হোৱা ভোটগণনাত ড০ বসন্ত কুমাৰ গোস্বামীক পৰৱৰ্তী সভাপতি হিচাপে ঘোষণা কৰা হয়। বিশিষ্ট সাহিত্যিক-ভাষাবিদ ড০ উপেন ৰাভা হাকাচামক ৭৮টা ভোটত পৰাজিত কৰি ড০ গোস্বামীয়ে সাহিত্য সভাৰ সভাপতি পদত জয়লাভ কৰে। ভোটগণনাত ড০ গোস্বামীয়ে ৪০৩টা ভোট লাভ কৰাৰ বিপৰীতে ড০ হাকাচামে ৩২৫টা ভোট লাভ কৰে। আনহাতে, পৰৱৰ্তী উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদত জয়লাভ কৰিছে ক্রমে পদুম ৰাজখোৱা আৰু দেৱজিৎ বৰাই। উপ-সভাপতি পদত বিজয়ী পদুম ৰাজখোৱাই ৩৮৮টা ভোট লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে দুই প্রতিদ্বন্দ্বী বিপিন কলিতা আৰু শ্বহীৰ ভূঞাই ক্রমে ২৪৩টা আৰু ১০৫টা ভোট লাভ কৰে। ইফালে, প্রধান সম্পাদক পদত বিজয়ী হোৱা যোৰহাটৰ দেৱজিৎ বৰাই ৩৯৬টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে। এই পদত প্রতিদ্বন্দ্বিতা কৰা আন দুই প্রার্থী ক্রমে ড০ সঞ্জীৱ শর্মা আৰু ড০ অজিত প্রসাদ শৰ্মাই ৯৭টা আৰু ২৩৭টা ভোটহে লাভ কৰে। উল্লেখ্য যে অসম সাহিত্য সভাৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে প্রথমখন সভাত উপেন্দ্রজিৎ শর্মা, ড০ হিতেশ ডেকা, নাহেন্দ্র পাদুন, ড০ লীলাৱতী শইকীয়া বৰা আৰু অৰূপা পটংগীয়া কলিতাৰ নাম সভাপতিৰ পেনেলত অন্তর্ভুক্ত কৰা হৈছিল। যাক লৈ তীব্র বিতৰ্কৰ সৃষ্টি হয়। যাৰ পৰিপ্ৰেক্ষিতত উচ্চ ক্ষমতাসম্পন্ন কমিটীখনে ইয়াৰ দ্বিতীয়খন বৈঠকত ৫গৰাকী বিশিষ্ট সাহিত্যিকৰ নাম অন্তর্ভুক্তিৰে নতুন পেনেল প্রস্তুত কৰে। এই পেনেলত অন্তর্ভুক্ত হোৱা সাহিত্যিককেইগৰাকী আছিল ড০ বসন্ত কুমাৰ গোস্বামী, ড০ উপেন ৰাভা হাকাচাম, ড০ গোবিন্দ প্রসাদ শর্মা, ড০ ভীমকান্ত বৰুৱা আৰু অনুৰাধা শৰ্মা পূজাৰী। পৰৱৰ্তী সময়ত ড০ গোবিন্দ প্রসাদ শর্মা, ড০ ভীমকান্ত বৰুৱা আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে সভাপতিৰ পদত প্রতিদ্বন্দ্বিতা নকৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। সেয়েহে সভাপতি পদৰ বাবে ড০ বসন্ত কুমাৰ গোস্বামী আৰু ড০ উপেন ৰাভা হাকাচামৰ মাজত নির্বাচনী প্রতিদ্বন্দ্বিতা অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ সভাপতিৰ লগতে উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে যোৱা ২১ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈকে ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত হয়। ৫ ডিচেম্বৰত শাখা আৰু জিলা সাহিত্য সভাসমূহে প্ৰেৰণ কৰা বেলট ৰখা বাকচসমূহ মেঘদূত ভৱনত ছীল কৰা হয়। ইয়াৰ পৰাই এই ভোটৰ বাকচসমূহ দদৰালৈ লৈ যোৱা হয় আৰু কাৰ্যনিৰ্বাহক সভাৰ অন্তত সন্ধিয়া ভোটগণনা সম্পন্ন কৰা হয়। ইফালে, নৱনির্বাচিত সভাপতিগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। এক শুভেচ্ছা বার্তাত তেওঁ কয়- ‘অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি হিচাপে নিৰ্বাচিত হোৱা ড০ বসন্ত কুমাৰ গোস্বামীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে জাতীয় অনুষ্ঠানটোৰ বিভিন্ন বিষয়বাবত নৱনির্বাচিত প্ৰতিগৰাকী ব্যক্তিলৈও যাচিলোঁ অভিনন্দন। আশা ৰাখিছোঁ- বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীৰ বলিষ্ঠ ভূমিকাত অসম সাহিত্য সভাই এক নতুন গতি লাভ কৰিব। অসমৰ ভাষা-সাহিত্য-সংস্কৃতিক অসম সাহিত্য সভাই বিশ্বমুখী কৰাৰ হেতু তথা প্ৰচাৰ-প্ৰসাৰৰ বাবে বিভিন্ন পৰিকল্পনা লৈ আগবাঢ়ি যাওক। সেয়াই কামনা কৰিলোঁ।’ নৱনির্বাচিত সভাপতিগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। এক শুভেচ্ছা বার্তাত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- অসম সাহিত্য সভাৰ সভাপতি হিচাপে নৱনির্বাচিত ড০ বসন্ত কুমাৰ গোস্বামীলৈ অভিনন্দন জনাইছোঁ। ড০ বসন্ত গোস্বামীৰ নেতৃত্বত অসম সাহিত্য সভাই ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত নতুন পৰিসৰ মুকলি কৰাৰ আশাৰে তেওঁৰ আগন্তুক কাৰ্যকালৰ সফলতা কামনা কৰিছোঁ। নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰালৈ শুভেচ্ছা জ্ঞাপন কৰিছে ড০ সূর্য হাজৰিকাই।