অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিশেনস্থলী পৰিদৰ্শন

pc The Janambhumi

অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিশেনস্থলী পৰিদৰ্শন
অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত এটি সঁজাতি দল

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ আয়োজনস্থলী আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদ পৰিদৰ্শন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই৷ আদৰণী সমিতিৰ সভাপতি ড॰ হীৰালাল বৰা, কাৰ্যকৰী সভাপতি বাসৱ কলিতা, সাধাৰণ সম্পাদক বিজু দেৱী, কোষাধ্যক্ষ শশীন শৰ্মা, কবি সন্মিলন উপসমিতিৰ আহ্বায়ক অনুপ কুমাৰ তালুকদাৰ, মূলসভাৰ কৰ্ণধাৰসমিতিৰ সদস্যদ্বয় ধীৰেন শৰ্মা, কন্দৰ্পকুমাৰ শৰ্মা, তথ্য প্ৰযুক্তি উপসমিতিৰ উপসভাপতি অঞ্জনা গগৈ, আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, লোক পৰিৱেশ্য কলা উপসমিতিৰ আহ্বায়ক মাৰুফ হুছেইন, প্ৰচাৰ সদস্য সোণাধৰ ডেকাকে ধৰি আদৰণী সমিতি আৰু মূল সভাৰ কৰ্মকৰ্তাৰ এটা সঁজাতি দলে আয়োজনস্থলী পৰিদৰ্শন কৰি অহা ৩১ জানুৱাৰী, ১, ২, আৰু ৩ ফেব্ৰুৱাৰী, ২০২৬ খ্ৰীষ্টাব্দ তাৰিখলৈ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন আয়োজনৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়৷ প্ৰধানসম্পাদক দেৱজিৎ বৰাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, ড॰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ আদি পৰিদৰ্শন কৰে ৷ অধিৱেশনত ভাৰতবৰ্ষ তথা অসমৰ বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া প্ৰতিনিধি, অতিথিসকলে থাকিব পৰাকৈ, খাদ্য গ্ৰহণ কৰিব পৰাকৈ খাদ্য শিৱিৰ, প্ৰতিনিধি শিৱিৰ, প্ৰতিনিধি সভা আয়োজন আৰু কাৰ্যনিৰ্বাহক সভাৰ আয়োজনস্থলীও পৰিদৰ্শন কৰে ৷ অধিৱেশনস্থলীত অনুষ্ঠিত হ’ব লগা গ্ৰন্থমেলা, বিজ্ঞান মেলা, বাণিজ্যিক হাট আদি বিভিন্ন অনুষ্ঠানৰ ঠাই পৰিদৰ্শন কৰি সংবাদ মেলত প্ৰধানসম্পাদকগৰাকীয়ে কয় যে– অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশনে অসমীয়া জাতিকে একত্ৰিত কৰাৰ সংকল্প গ্ৰহণ কৰিব৷ সকলো জাতি জনগোষ্ঠীক একেলগ কৰি সমন্বিত অসমীয়া জাতিৰ ৰূপটো ইয়াত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়ত্ন কৰিব৷ উল্লেখ্য যে, অধিৱেশনৰ শোভাযাত্ৰাত অসমৰ একাংশ জনগোষ্ঠীৰ সাহিত্য সভাৰ সভাপতিসকলক লগত লৈ অসম সাহিত্য সভাৰ সভাপতিয়ে শোভাযাত্ৰা কৰিব৷ অসমৰ বিভিন্ন সাংস্কৃতিক দল তথা লোক-সংস্কৃতিয়ে এই শোভাযাত্ৰাৰ অংশীদাৰ হ’ব৷ এই বৃহৎ আয়োজনৰ লক্ষ্যৰে আদৰণী সমিতিত বিভিন্ন উপসমিতি গঠন কৰা হৈছে৷ উপসমিতিসমূহেও নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে আগবঢ়াইছে৷ অধিৱেশনলৈ ভাৰতৰ উপৰাষ্ট্ৰপতি, সাহিত্য একাডেমীৰ অধ্যক্ষৰ লগতে : জ্ঞানপীঠ বঁটা বিজয়ী প্ৰতিভা ৰায়কো আমন্ত্ৰণ জনোৱা হৈছে৷ ইয়াৰ উপৰি অসম মূলকত থকা বিশিষ্ট সাহিত্যিকসকলক অধিবেশনলৈ নিমন্ত্ৰণ কৰা হৈছে৷ অধিবেশনৰ লগত সংগতি ৰাখি প্ৰথমবাৰৰ বাবে স্থায়ী সভ্য সন্মিলন আয়োজন কৰা হ’ব৷ এই সন্মিলনত অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত আজীৱন সভ্য, হিতৈষী সভ্য, পৰম হিতৈষী সভ্য আৰু পৰম সুহৃদ হিতৈষীসভ্যসকলক আমন্ত্ৰণ জনোৱা হৈছে৷ বিশেষকৈ ৰামধেনু, কুঁহি আদি অনুষ্ঠানৰ যোগেদি সকলো প্ৰজন্মৰ প্ৰতিনিধিসকলক এই অধিবেশনত সংযুক্ত কৰিব বিচৰা হৈছে৷ আকাশ উপসমিতিৰ যোগেদি আয়োজিত আকাশ অনুষ্ঠানত মহিলাসকলক সংগঠিত কৰিব৷ পৰিকল্পিতভাৱে আয়োজনঃ কৰা অধিৱেশনত যুৱ সংসদকে ধৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে৷ তাৰোপৰি ড॰ ভূপেন হাজৰিকা, কেশৱ মহন্ত, দিলীপ শৰ্মা, তৰুণ চন্দ্ৰ পামেগামকে ধৰি কেইবাজনো বৰণ্য সাহিত্যিকৰ জন্ম শতবৰ্ষ উপলক্ষে আলোচনা সত্ৰৰো আয়োজন কৰা হৈছে৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিষয়ৰো আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে৷ অধিৱেশনখন জাতীয় বৌদ্ধিক সন্মিলন, বিশেষ কবি সন্মিলন, সাংবাদিক সন্মিলন, জনগোষ্ঠীয় সাহিত্য সন্মিলন, জনগোষ্ঠীয় ছাত্ৰ-যুৱ সন্মিলন, বুৰঞ্জী সন্মিলন, দৰ্শন সন্মিলন, নাট্য সন্মিলন, সংবাদ-সাহিত্য সন্মিলন, ক্ৰীড়া-সাহিত্য সন্মিলন, গল্পকাৰ সন্মিলন, ঔপন্যাসিক সন্মিলন, প্ৰকাশক সন্মিলন, ৰহস্য-সাহিত্য সন্মিলন, অনুবাদ-সাহিত্য সন্মিলন, শিশু-সাহিত্য সন্মিলন আৰু প্ৰতিদিনে সাংস্কৃতিক সমাৱেশ আদি যথেষ্ট কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ মুঠৰ ওপৰত অসম সাহিত্য সভাৰ এই অধিৱেশনখনত আমাৰ জাতীয়, বৌদ্ধিক, সামাজিক আৰু সাংস্কৃতিক জীৱনটোৰ পূৰ্ণ বিশ্লেষণৰ প্ৰয়াস কৰা হৈছে৷ অধিৱেশনখনৰ প্ৰস্তুতিৰ প্ৰসংগত জাতীয় জীৱনৰ এগৰাকী নিষ্ঠাবান সেৱক তথা আদৰণী সমিতিৰ সভাপতি ড॰ হীৰালাল বৰাদেৱে অক্লান্ত শ্ৰম আৰু সাংগঠনিক তৎপৰতাৰে কাম কৰি আছে বুলি প্ৰধানসম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে ৷ অসম সাহিত্য সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাৰ লগতে আদৰণী সমিতিৰ বিষববীয়া-কৰ্মকৰ্তাই ভাৰতবৰ্ষ তথা অসমৰ বিভিন্ন জিলাৰ পৰা আহিবলগীয়া প্ৰতিনিধিসকলৰ সহযোগিতা আৰু অধিৱেশনত নিশ্চিত উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে৷