অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনৰ অন্তিম দিন সমন্বয় একপক্ষীয় নহয়

অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনৰ অন্তিম দিন সমন্বয় একপক্ষীয় নহয়, দুয়োপক্ষ একগোট হ’লে ই সংখ্যা গৰিষ্ঠ হয়: ড° বসন্তকুমাৰ গোস্বামী
অসম সাহিত্য সভা অসমৰ অভিভাৱক অনুষ্ঠান: কৰ্ণাদ পুৰকায়স্থ শিলচৰত নিৰ্মাণ হ’ব সাহিত্য সভাৰ অতিথিশালা: কৃষ্ণেন্দু পাল ডিচেম্বৰত শিলচৰত অনুষ্ঠিত হ’ব গ্রন্থমেলা: প্রমোদ কলিতা

শিলচৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  “সমন্বয় একপক্ষীয় নহয়, দুয়োপক্ষ একগোট হ’লে ই সংখ্যা গৰিষ্ঠ হয়”- সমন্বয় সন্মিলনত এইদৰে কয় অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে। যোৱা ১১ আৰু ১২ অক্টোবৰ তাৰিখে শিলচৰত দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ তৃতীয় পূর্ণাংগ কার্যনির্বাহক সভাৰ আজি অন্তিমটো দিন। পুৱা ১০ বজাত অসম সাহিত্য সভাৰ শিলচৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, আদৰণী সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ সভাপতিসকলৰ অংশগ্রহণেৰে হৰিনামৰ ধ্বনি আৰু জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতেৰে এক বিশাল সাংস্কৃতিক শোভাযাত্রা অনুষ্ঠিত হয়। ঐক্য, শান্তি, সমন্বয় আৰু প্ৰগতিৰ উদ্দেশ্যেই শিলচৰ চহৰৰ মাজেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্রাটি উদ্বোধন কৰে শিলচৰৰ ৰাজ্যসভাৰ সাংসদ কৰ্ণাদ পুৰকায়স্থই। শোভাযাত্ৰাৰ শেষত কাছাৰ জিলাৰ শিলচৰৰ বঙ্গ ভৱনত দিনৰ ১২ বজাৰ পৰা অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ পৌৰহিত্যত সমন্বয় সম্মিলন অনুষ্ঠান অনুষ্ঠিত হয়। সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ উদ্দেখ্য ব্যাখ্যা তথা সমন্বয় সম্মিলনৰ কথকতাৰ প্ৰাসংগিক আলোচনা আগবঢ়োৱা অনুষ্ঠানত আদৰণী সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কৃষ্ণেন্দু পালে আদৰণী ভাষণ প্ৰদান কৰে। ভাষণ প্রসংগত কয় যে- “আজি মোৰ জন্মস্থান বৰাকত এক ঐতিহাসিক সমাবেশ হৈছে, যিয়ে মোৰ মন আৰু আত্মাক স্বর্গীয় সুখৰ অনুভূতি প্রদান কৰিছে। সাংস্কৃতিকভাৱে সমৃদ্ধ বৰাক ভূমিৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বান্ধোনক আৰু অধিক শক্তিশালী কৰাৰ সংকল্প বাস্তৱায়নৰ লক্ষ্যৰে আমি এই মঞ্চত একত্রিত হৈছোঁ। এইটো আমাৰ সকলোৰে বাবে এক ঐতিহাসিক উপলব্ধি। এই সন্মিলনৰ জৰিয়তে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ দুয়োটা উপত্যকাৰ মাজত সাংস্কৃতিক, সামাজিক আৰু সাহিত্যিক সম্পৰ্কৰ ভেটি আৰু অধিক দৃঢ় হ’ব বুলি মই আশাবাদী। এই অধিবেশনে নতুন চিন্তা, পৰিকল্পনা আৰু সহযোগিতাৰ মাধ্যমেৰে অসমীয়া সাহিত্যক বিশ্বৰ মঞ্চলৈ লৈ যাব। মই আশা ৰাখিছো, এই অধিৱেশনৰ জৰিয়তে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজৰ সামাজিক, সাংস্কৃতিক আৰু সাহিত্যিক সম্পর্ক অধিক গভীৰ আৰু সুদৃঢ় হোৱাত অসম সাহিত্য সভাই বৰাক-ব্ৰহ্মপুত্ৰৰ জনগণৰ ভাষিক আৰু সাংস্কৃতিক পৰিচয়ৰ মাজত এক সুন্দৰ মিলনসেতু গঢ়ি তোলাত প্রচেষ্টা অব্যাহত ৰাখিব। ৰাজ্যসভাৰ সাংসদ কৰ্ণাদ পুৰকায়স্থ উদ্বোধক হিচাপে উপস্থিত থকা অনুষ্ঠানটিত ভাষণ প্রসংগত উল্লেখ কৰে যে অসম সাহিত্য সভা অসমৰ অভিভাৱক অনুষ্ঠান। সাহিত্য সভা কেৱল এটা সংগঠন নহয়, ই এটা ভাৱ ধাৰা, এটা আন্দোলন। এই আন্দোলনে আমাক স্মৰণ কৰাই দিয়ে যে ভাষাৰ অস্তিত্বৰ লগে লগে জাতিৰ অস্তিত্বও জড়িত হৈ থাকে। সেইবাবে আমি সকলোৱে যিয়ে যি ক্ষেত্রতেই নাথাকোঁ কিয়, ভাষা আৰু সাহিত্যৰ সংৰক্ষণত অংশগ্ৰহণ কৰাটো আমাৰ নৈতিক দায়িত্ব। মই বিশ্বাস কৰোঁ যে অসম সাহিত্য সভাই আগন্তুক দিনত জাতীয় ঐক্য, ভাতৃত্ব আৰু সৃজনশীলতাৰ এই যাত্ৰাত দিক্ নিৰ্ণয়ৰ দৰে আলোকিত হৈ থাকিব। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই ভাষণ প্রসংগত উল্লেখ কৰে যে ডিচেম্বৰৰ ভিতৰত শিলচৰত অনুষ্ঠিত কৰা হ’ব অসম গ্রন্থমেলা। লগতে গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাজ্য চৰকাৰে অসম চৰকাৰৰ কৰ্মচাৰীসকলক প্ৰদান কৰিব খোজা এক হাজাৰ টকাৰে প্ৰতিগৰাকী পঢ়ুৱৈ পাঠকে গ্রন্থ ক্রয় কৰি অসমীয়া ভাষা-সাহিত্যৰ ভেটি সমৃদ্ধ কৰিবলৈ প্রমোদ কলিতাই আহ্বান জনায়। উক্ত সম্মিলনতে শিলচৰ মাৰোৱাৰী সম্মিলনে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা, প্রধানসম্পাদক দেৱজিৎ বৰা, ৰাজ্যসভাৰ সাংসদ কৰ্ণাদ পুৰকায়স্থ, মন্ত্রী কৃষ্ণেন্দু পাল কৌশিক ৰয়, কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাক আদৰণী জনায়। আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকি গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক নিৰঞ্জন ৰয়ে তেওঁৰ বক্তব্যত কয় যে আমি সকলোৱে সৌভাগ্যৱান কাৰণ অসম এখন পূণ্যভূমি, ইয়াত প্রায় সাতচল্লিশটা জনগোষ্ঠী আছে। ভাষা হৈছে সমন্বয়ৰ মাধ্যম, ই কেতিয়াও বিবেকৰ মাধ্যম হ’ব নোৱাৰে। ইফালে সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া বৰাক ব্ৰহ্মপুত্ৰৰ মাজত সাংস্কৃতিক সন্ধিয়াৰ এক বিশেষ অনুষ্ঠান কাছাৰ জিলাৰ আয়ুক্ত মৃদুল যাদৱে উদ্বোধন কৰিব বুলি এক সংবাদ বিবৃত্তিত সভাৰ প্ৰধানসম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিছে।