অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ

অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ
চৰাইদেউৰ সোণাৰিত “সুৱাগ-তোলা” অনুষ্ঠান সম্পন্ন
অসম সাহিত্য সভা জাকৰ পিছপৰা চৰাই নহয়ঃ ড০ বসন্ত কুমাৰ গোস্বামী

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভা জাকৰ পিছপৰা চৰাই নহয়, একেবাৰে প্ৰথমে বাট দেখুৱাই যোৱা চৰাইহে অসম সাহিত্য সভা । অসম সাহিত্য সভাৰ উদ্যোগত, চৰাইদেউ জিলা সাহিত্য সভাৰ ব্যবস্থাপনাত সোণাৰি আৰু শান্তিপুৰ শাখা সাহিত্য সভাৰ আতিথ্যত অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ উপলক্ষে “সুৱাগ-তোলা” অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। তেওঁ লগতে কয় যে লিখিব পৰাটো পৰম ভাগ্য, সেয়ে আমি সকলোৱে লিখিবলৈ যত্ন কৰিব লাগে । চৰাইদেউ জিলাৰ সোণাৰি ৰাজহুৱা প্রেক্ষাগৃহত ২ নবেম্বৰ দেওবাৰে অনুষ্ঠিত সভাখন উদ্বোধন কৰে বিশিষ্ট কবি, সাহিত্যিক, বুৰঞ্জীবিদ প্ৰেম গগৈয়ে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ পালনে ইতিহাস সৃষ্টি কৰিছে বুলি উল্লেখ কৰি সভাৰ উদ্দেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰা সভাখনত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষী সভ্যপদ গ্ৰহণ কৰে। সভ্যপদ গ্ৰহণ কৰি‌ তেওঁ কয় যে অসম সাহিত্য সভাই এইবাৰৰ কাৰ্যবৰ্ষত বহুতো উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে, এই যাত্ৰাত আমাৰ সহযোগিতা আছে। অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, কৰ্ণধাৰ সমিতিৰ সদস্য ড° অনিল শইকীয়া, চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় ৰতিপ্রভা গগৈ আৰু নিৰঞ্জন ফুকন, সোণাৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰবিন কোঁৱৰ, শিক্ষাবিদ তথা সমাজকর্মী বিপিন শর্মা, অসম সাহিত্য সভাৰ বিত্ত উপসমিতিৰ আহ্বায়ক গোবিন্দ কলিতা, অনুবাদ প্ৰকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ, কুঁহি উপসমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল হাজৰিকা, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক সুনীল গুৰুঙ, প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, স্বজাতীয় মৈত্ৰীবন্ধন উপসমিতিৰ আহ্বায়ক ৰমেন ভৰালী, তথ্য প্ৰযুক্তি উপসমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, হাস্য-ব্যংগ উপসমিতিৰ আহ্বায়ক জিতুল বৰা, কাৰ্যনিৰ্বাহক সদস্য অঞ্জনা গগৈ, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম কুমাৰ হাজৰিকা, যোৰহাটৰ তৰাজান শাখা সাহিত্য সভাৰ সভাপতি জোনা দত্ত প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ থাকে। ইয়াৰ পিছতে আবেলি ৩ বজাত বিশিষ্ট অতিথিসকলে দীপালী দত্ত শইকীয়াৰ সম্পাদনাত স্মাৰক গ্ৰন্থ ‘চন্দ্রজ্যোতি’, নিৰু কাকতিৰ গল্প সংকলন ‘বাখৰ’, কবিতা পুথি ক্ৰমে ৰাতুল চেতিয়া ফুকনৰ ‘বিষয় মানুহ ইত্যাদি’, আৰতি বৰাৰ ‘আলি কেঁকুৰিত ৰৈ’, ৰিন্টু টায়েৰ ‘কাঞ্চনমতী নুফুৰিবা ৰাতি’, ৰঞ্জিত কুমাৰ বুঢ়াগোহাঁইৰ ‘প্রাপ্তি-অপ্রাপ্তিৰ পৰা ব্যাপ্তিলৈ’, পুষ্পাঞ্জলি কলিতাৰ ‘স্পন্দন’, ডাঃ নিৰঞ্জন দাসৰ ‘শব্দ বসন্তৰ টিপচী চৰাইজনী’, ভীমবৰ পাতিৰিৰ ‘অহা যোৱা বাটৰ কবিতা’, বর্ণালী আৰন্ধৰাৰ ‘সপোনৰ সমাধিত হেঁপাহৰ সুর্যোদয়’, ড° দীপাংকৰ মালাকাৰৰ ‘অনুভৱৰ ৰং’, ভোগেশ্বৰ গগৈৰ ‘শতদল’; প্ৰবন্ধ সংকলন ক্ৰমে মাখনী গোস্বামীৰ ‘লেছেৰি বুটলা প্রবন্ধ এমুঠি’, অমিয়া গগৈ সোনোৱালৰ ‘বাৰিধি’, মুকুট বৰগোহাঁইৰ ‘সঞ্চয়ন’, ফণীন্দ্র চেতিয়াৰ ‘প্রবন্ধ সমীক্ষা’, কল্পনা বৰুৱাৰ ‘চিন্তা তৰংগ’; ডিম্বেশ্বৰ কোঁৱৰৰ দুখন নাটক ক্ৰমে ‘সমাধিত প্ৰেমৰ চকুলো’ আৰু ‘সেন্দুৰ’ শীৰ্ষক স্মাৰক গ্ৰন্থ আৰু ১৭ জন কবি-লেখক-সাহিত্যিকৰ সৰ্বমুঠ ১৯ খন গ্ৰন্থ উন্মোচন কৰা হয়। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখনৰ আঁত ধৰে অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক তথা চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক ড০ ৰঘুনাথ কাগয়ুঙে। জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটা সভাখনত শলাগৰ শৰাই আগবঢ়াই চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক বিপুল বৰুৱাই । অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি মুকুট বৰগোহাঁয়ে জিলা সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পাছতে জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ১০৮ খন পতাকা উত্তোলন কৰা হয়। দ্বিতীয় কাৰ্যসূচী অনুসৰি অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই স্মৃতি তৰ্পণ কৰাৰ পাছত চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ প্রতীকপট লৈ উলিওৱা শোভাযাত্ৰা মুকলি কৰে চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদবে।।