অসম সাহিত্য সভাৰ “আকাশ“ৰ অনুষ্ঠানত প্ৰথমবাৰৰ বাবে মঞ্চস্থ হয় নাটক

অসম সাহিত্য সভাৰ “আকাশ“ৰ অনুষ্ঠানত প্ৰথমবাৰৰ বাবে মঞ্চস্থ হয় নাটক

ইন্দ্ৰকান্ত বৈশ্য,ৰঙিলী বাৰ্ত্তাসেৱা-  নাৰীক প্ৰাধান্য দি অসমীয়া নাৰীৰ প্ৰতিভা বিকাশৰ বাবে গঠিত অসম সাহিত্য সভাৰ “আকাশ“ ৰ অনুষ্ঠানত পোন প্ৰথমবাৰৰ বাবে মঞ্চস্থ হয় এখনি নাৰীবাদী একাংকিকা নাট৷ দদৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ “আকাশ“ৰ অনুষ্ঠনত যুৱ নাট্যকাৰ ভাস্কৰ জ্যোতি দাসৰ বিখ্যাত একাংকিকা নাট “শক্তিৰূপা“ই দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰে৷ নাট্যকাৰৰ নিজৰ পৰিচালনাৰে কামৰূপ জিলা সাহিত্য সভাৰ “আকাশ“ উপসমিতিৰ মহিলা সভ্য সকলে নিবেদন কৰা নাট খনিত ভানু চৌধুৰী, দীপাঞ্জলী গোস্বামী, মামনি লহকৰ, অনিতা দাস, ৰীনা দেৱী, গয়া ৰাণী, কনিকা বেজবৰুৱা আৰু সাধনা শৰ্মাই বলিষ্ঠ অভিনয় কৰে৷ নাটখনিৰ বিখ্যাত সংলাপ “নাৰীক সন্তান জন্ম দিয়া যন্ত্ৰ অথবা সম্ভোগৰ সামগ্ৰী হিচাপে গণ্য কৰাতকৈ সম্ভাৱনাময়ী নতুন প্ৰজন্মৰ দুৱাৰ ডলি হিচাপে গণ্য কৰক৷“টিত ৰাইজে বিপুল হাত চাপৰিৰে আদৰণি জনায়৷