অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ কাম আৰম্ভ
২৫ গৰাকী অধ্যাপক-অধ্যাপিকাক দায়িত্ব প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া ভাষালৈ বিদেশী গল্প- উপন্যাসৰ-কবিতাৰ কিছু অনুবাদ হৈছে যদিও বিশ্বৰ শ্ৰেষ্ঠ critical essays সমূহৰ অনুবাদ হোৱা চকুত পৰা নাই । এই কথা লৈ লক্ষ্য ৰাখি অসম সাহিৱত্য সভাৰ উদ্যোগত, প্ৰকাশন উপ সমিতিৰ সৌজন্যত আধুনিক চিন্তা চেতনাৰ ক্ষেত্ৰখনক বিশেষ ভাবে প্ৰভাৱিত কৰা শ্ৰেষ্ঠ critical essays সমূহৰ অনুবাদৰ এক প্ৰকল্প আৰম্ভ কৰা হৈছে । ইতিমধ্যে প্ৰাৰম্ভিক পৰ্য্যায়ত অসমৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পঁচিছজন অধ্যাপক-অধ্যাপিকাই এই প্ৰকল্পৰ অনুবাদকৰ দায়িত্ব গ্ৰহন কৰিছে । প্ৰকল্পটোৰ পৰিকল্পনা আৰু সম্পাদনাৰ দায়িত্বত আছে অধ্যাপক মদন শৰ্মা, অধ্যাপক বিভাস চৌধুৰী (গুৱাহাটী বিশ্ববিদ্যালয়),অধ্যাপক জ্যোতিৰ্ময় প্ৰধানী(উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়), অধ্যাপক হেমজ্যোতি মেধি(তেজপুৰ বিশ্ববিদ্যালয়), অধ্যাপক মৃদুল বৰদলৈ (ডিব্ৰুগড় বিশ্ববিদ্যালয়)অধ্যাপক অৰিন্দম শৰ্মা । কালি আনুষ্ঠানিকভাৱে ভাৱে এই প্ৰকল্পৰ কাম আৰম্ভ হয় । এই প্ৰকল্পৰ কামৰ ক্ষেত্ৰত মুখ্য সম্পাদক অধ্যাপক মদন শৰ্মা, অধ্যাপক বিভাস চৌধুৰী, আহ্বায়ক আৰু সম্পাদক অৰিন্দম বৰকটকী । সম্পাদনা সমিতিৰ সদস্য ক্ৰমে অধ্যাপক হেমজ্যোতি মেধি, তেজপুৰ বিশ্ববিদ্যালয়, অধ্যাপক মৃদুল বৰদলৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অধ্যাপক জ্যোতিৰ্ময় প্ৰধানী, উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয় ,অধ্যাপক অৰিন্দম শৰ্মা, ছয়দুৱাৰ মহাবিদ্যালয়। আনহাতে অনুবাদক ক্ৰমে জুৰি দত্ত ( অধ্যাপক, তেজপুৰ বিশ্ববিদ্যালয়), দিব্য খাটনিয়াৰ (সহযোগী অধ্যাপক, গুৱাহাটী কলেজ),লক্ষীপ্ৰিয়া গগৈ(সহকাৰী অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়), প্ৰসেনজিৎ দাস (সহযোগী অধ্যাপক, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়),মানবেন্দ্ৰ শৰ্মা( সহযোগীঅধ্যাপক, বি বৰুৱা কলেজ),পৰী হিলৈদাৰী( সহযোগী অধ্যাপক, সন্দিকৈ মহাবিদ্যালয়),প্ৰাঞ্জল শৰ্মা বশিষ্ঠ (সহযোগী অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়), দেৱভূষণ বৰা ( সহযোগী অধ্যাপক ,সতী সাধনী বিশ্ববিদ্যালয়),ডালিম দাস (সহযোগী অধ্যাপক,গুৱাহাটী বিশ্ববিদ্যালয় দূৰ শিক্ষা),অনুপ কুমাৰ দাস (সহকাৰী অধ্যাপক, পাণ্ডু মহাবিদ্যালয়),পল্লৱী কোঁৱৰ ((সহকাৰী অধ্যাপক, পাণ্ডু মহাবিদ্যালয়),অনন্যা হিলৈদাৰী (সহযোগী অধ্যাপক, নগাঁও বিশ্ববিদ্যালয়),ধ্ৰুজটি শৰ্মা (অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়),স্তুতি গোস্বামী (সহযোগী অধ্যাপক,ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়), দিব্যজ্যোতি বৰা ((সহকাৰী অধ্যাপক, হেমপ্ৰভা বৰবৰা মহাবিদ্যালয়),অজিতাভ হাজৰিকা( গৱেষক ছাত্ৰ), হিমাংশু শৰ্মা (গৱেষক ছাত্ৰ),মানৱ মেধি (সহযোগী অধ্যাপক,বড়োলেণ্ড বিশ্ববিদ্যালয়),অপূৰ্ব কুমাৰ হাজৰিকা (সহযোগী অধ্যাপক মাজুলী মহাবিদ্যালয় ),সিদ্ধাৰ্থ গোস্বামী (সহকাৰী অধ্যাপক,সতী সাধনী বিশ্ববিদ্যালয়),মানস প্ৰতিম বৰা (অধ্যাপক, সতী সাধনী বিশ্ববিদ্যালয়),নাছমিম আখটাৰ(সহযোগী অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়),হেমচন্দ্ৰ দত্ত, অনুবাদক,শিৱজিত দত্ত , (সহযোগী অধ্যাপক, ডুমডুমা মহাবিদ্যালয়),পাৰ্থপ্ৰতিম গোস্বামী । দায়িত্ব অৰ্পণ কৰা এই সকল অধ্যাপক-অধ্যাপিকাই অনুবাদ প্ৰকল্পৰ কাম নিয়াৰিকৈ পালন কৰিব বুলি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক বিজ্ঞপ্তি যোগে জানিবলৈ দিছে।
