অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি শ্ৰীশ্ৰী লীলাকান্ত মহন্ত আৰু নাই

অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি শ্ৰীশ্ৰী লীলাকান্ত মহন্ত আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা-   শিৱসাগৰ কোঁৱৰপুৰৰ বিশিষ্ট বৈষ্ণৱ পণ্ডিত, বৰখাতপাৰ সত্ৰৰ প্ৰাক্তন সত্ৰাধিকাৰ শ্ৰীশ্ৰী লীলাকান্ত মহন্ত আৰু নাই। যোৱা নিশা ২.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে শংকৰী সাহিত্য সংস্কৃতিৰ সাধক  লীলাকান্ত মহন্তই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ। বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত কাৰণত গুৰুতৰভাৱে অসুস্থ হৈ আছিল অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পিতৃ লীলাকান্ত মহন্ত। কেইসপ্তাহমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ পিছত কোঁৱৰপুৰৰ নিজা বাসগৃহলৈ লৈ অনা হৈছিল বৈষ্ণৱ পণ্ডিতগৰাকীক। ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল যদিও কালি স্বাস্থ্যৰ অধিক অৱনতি হয়  আৰু পুৱতিনিশা শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী ড° নিৰুপমা মহন্ত, পুত্ৰ ভাস্কৰ জ্যোতি মহন্ত, ননী গোপাল মহন্ত, সৌমাৰজ্যোতি মহন্তসহ পাঁচগৰাকী পুত্ৰ আৰু আত্মীয় স্বজনক এৰি থৈ গৈছে। উল্লেখ্য যে জীৱন কালত মহন্তই দুবাৰকৈ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় সভাপতি, দুবাৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হোৱাৰ উপৰিও নিৰলসভাৱে শংকৰী সাহিত্য সংস্কৃতিৰ চৰ্চা কৰি গৈছিল। তদুপৰি তেওঁ ১৪ খনৰো অধিক গ্ৰন্থ ৰচনা কৰি বৈষ্ণৱ সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে।  ‘মহাপুৰুষীয়া ধৰ্মত বৈদিক ক্ৰিয়া কৰ্মৰ বিচাৰ’, ‘ব্ৰহ্মপুৰাণৰ কাহিনী’, ‘নামঘোষাৰ মাধুৰ্য’, ‘ভাগৱত ৰসামৃত’ নামৰ গ্ৰন্থ,  পাঁচখন নাটক, দুখন শিশু নাট ৰচনা কৰিছিল। ইংৰাজী মাধ্যমৰ ছাত্ৰ–ছাত্ৰীৰ সুবিধা হোৱাকৈ ভাগৱত পুৰাণ আদিৰ পৰা সাঁচিপতীয়া পুথিৰ আকাৰতো লিখিছিল কেইবাখনো গ্ৰন্থ। এইগৰাকী বৈষ্ণৱ পণ্ডিতৰ মৃত্যুত কোঁৱৰপুৰ অঞ্চলৰ লগতে সমগ্ৰ শিৱসাগৰতে শোকৰ ছাঁ পৰিছে।