অসম সচিবালয়ত শ্বহীদ দিৱস পালন 

Pc Naidunia

অসম সচিবালয়ত শ্বহীদ দিৱস পালন 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ দেশৰ লগতে আজি অসমতো শ্বহীদ দিৱস পালন কৰা হয়দেশৰ স্বাধীনতা সংগ্ৰামত প্রাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে সমগ্ৰ দেশতে মহামানৱ মহাত্মা গান্ধীৰ মৃত্যুৰ দিনটো অৰ্থাৎ ৩০ জানুৱাৰী তাৰিখটো শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে জনতা ভৱনৰ চি এম ব্লকৰ সন্মুখত আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি জাতিৰ পিতাগৰাকীৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰেতদুপৰি উপস্থিত সকলোৱে দুই মিনিট সময় মৌনতা অবলম্বন কৰি মহান বীৰসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷  তথ্য আৰু জনসংযোগ সঞ্চালকালয়তো শ্বহীদ দিৱস উপলক্ষে দুই মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। যুটীয়া সঞ্চালক দীন নাথ লয়িং আৰু উপ সঞ্চালক প্ৰাণজিৎ কুমাৰ হাজৰিকাৰ উপস্থিতিত সমূহ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷