অসম সচিবালয়ত শোক দিবস পালন

Pc Shutterstock

অসম সচিবালয়ত শোক দিবস পালন

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্ৰ ৰাজ্যৰ লগতে অসম সচিবালয়তো আজি ১১.০০ বজাত শোক দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে, ২০০৪ চনত ধেমাজিত স্বাধীনতা দিৱস উদ্যাপনত অংশগ্ৰহণ কৰিবলৈ গৈ ভালেকেইজন নিৰীহ শিশু আৰু অন্যান্য নাগৰিকে বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। সেইসকল নিৰীহ লোকৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে ১৬ আগষ্টৰ দিনটোত সমগ্ৰ ৰাজ্যতে শোক দিৱস হিচাপে পালন কৰি আহিছে। অসম সচিবালয়ৰ চি এম ব্লকৰ সন্মুখত আয়োজিত শোক দিৱসৰ অনুষ্ঠানত সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম.এচ মণিবন্ধনে সচিবালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীক ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ শপত বাক্য পাঠ কৰোৱায়।

তথ্য আৰু জনসংযোগ সঞ্চালকালয়তো আজি শোক দিৱস পালন কৰি শান্তি, সম্প্ৰীতিৰ শপত বাক্য পাঠ কৰা হয়। সঞ্চালকালয়ৰ মুখ্য তথ্য বিষয়া প্রমোদ কুমাৰ দত্তই সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীসকলক এই শপত বাক্য পাঠ কৰোৱায়।