অসম লোকসেৱা পৰীক্ষাত ডিব্ৰুগড়ৰ এনিশা বৰুৱাৰ ২৭ সংখ্যক স্থান লাভ

অসম লোকসেৱা পৰীক্ষাত ডিব্ৰুগড়ৰ এনিশা বৰুৱাৰ ২৭ সংখ্যক স্থান লাভ
বিভিন্ন জনৰ অভিনন্দন,শুভেচ্ছা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সৰুৰে পৰা এগৰাকী প্ৰশাসনিক বিষয়া হোৱা সপোন দেখা মেধাৱী ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ এনিশা বৰুৱাই চলিত বৰ্ষৰ সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতা মূলক পৰীক্ষাত ৰাজ্য খনৰ ভিতৰতে ২৭ সংখ্যক স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ তথা সুনাম কঢ়িয়াই আনিছে।অসম প্ৰশাসনিক সেৱাৰ বাবে নিৰ্বাচিত হোৱা এনিশা বৰুৱাই ডিব্ৰুগড়ৰ ছেইণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিষ্টিংচনসহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ডিব্ৰুগড় ছল্ট ব্ৰুক একাডেমীৰ পৰা বিজ্ঞান শাখাত  ডিষ্টিংচন লাভ কৰা পাছত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণী স্নাতক ডিগ্ৰী লাভ কৰে।তাৰ পাছত বিশ্বনাথ চাৰিআলিৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰে স্নাতকোত্তৰ  ডিগ্ৰী লাভ কৰি নিজৰ মেধাৰ পৰিচয় দিয়ে।এনিশা বৰুৱা ডিব্ৰুগড়ৰ হাতীআলি এম ভি স্কুলৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক দীপক বৰুৱা আৰু গৃহিণী বৰ্ণালী বৰুৱা কন্যা । ডিব্ৰুগড়ৰ চিৰিংচাপৰিৰ গোবিন্দ শৰ্মা পথৰ বাসিন্দা এনিশা বৰুৱাই সৰুৰে পৰা নিজা প্ৰচেষ্টা আৰু মনোবলৰ বাবেই এনে সফলতা লাভ কৰিবলৈ সক্ষম হয় বুলি পৰিয়াল তথা ওচৰ চুবুৰীয়াই মত প্ৰকাশ কৰিছে।এগৰাকী সফল প্ৰশাসনিক বিষয়া হিচাপে সেৱা আগবঢ়াই নিজৰ দায়িত্ব আৰু কৰ্তব্য কৰি যাবলৈ সদা প্ৰস্তুত বুলি মনৰ ভাব ব্যক্ত কৰিছে।এনিশা বৰুৱাৰ এই সাফল্যৰ বাবে স্থানীয় ৰাইজৰ লগতে বিভিন্ন জনে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।