অসম যুৱ পৰিষদৰ কাৰ্যালয় উদ্বোধন
ৰঙিলী বাৰ্ত্তাসেৱা- অসম যুৱ পৰিষদৰ মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ অন্তৰ্গত ১১নং ৱাৰ্ড যুৱ পৰিষদৰ কাৰ্যালয় কালি উদ্বোধন কৰা হয়।কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ১০.০০ বজাত দলীয় পতাকা উত্তোলন কৰে ১১নং ৱাৰ্ডৰ যুৱ পৰিষদৰ সভাপতি জাবেদ আলীয়ে। শ্বহীদ তৰ্পণ কৰে সম্পাদক অজয় গুপ্তা আৰু ঘনশ্যাম মাহাতোয়ে।লগতে বৃক্ষ ৰোপন কৰে নতুনবস্তিৰ জ্যেষ্ঠ নাগৰিক অনিল দাসে।দিনৰ ৪.০০ বজাৰ লগে লগে পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কাৰ্যালয়টোৰ শুভাৰম্ভ কৰে।তাৰ পিছত মুকলি সভা অনুষ্ঠিত কৰা হয় ।উক্ত সভাখনত সভাপতিত্ব কৰে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰী। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ সম্পাদক ইন্দ্ৰজিৎ গোস্বামীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে – পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মধ্য গুৱাহাটী বিধান সভাৰ সম্পাদক ভূপেন ঠাকুৰীয়া,১২নং ৱাৰ্ডৰ পাৰিষদ দিপাংকৰ বৈশ্য, মধ্য গুৱাহাটী মহিলা পৰিষদৰ সভানেত্ৰী গীতা ৰাণী কলিতা,সম্পাদিকা গীতা নেওগ, অসম গণ পৰিষদৰ শুভকাংখী গিৰিন্দ্ৰ ঠাকুৰীয়াৰ লগতে যুৱ পৰিষদৰ বিভিন্ন ৱাৰ্ডৰ সদস্য সকল উপস্থিত থাকে। ইয়াৰ উপৰিও কেইবাটাও দল সংগঠনৰ শতাধিক ব্যক্তিয়ে অসম গণ পৰিষদত যোগদান কৰে।