অসম মহিলা সংঘৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী
অনলাইন বাৰ্ত্তাসেৱা– অসম মহিলা সংঘই দেশৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু সমাজবাদৰ মূল নীতি সুৰক্ষিত ৰখাৰ আহ্বানত বিভান্ন জিলা ক্ৰমে- গুৱাহাটী, নাজিৰা, শিৱসাগৰ, তিতাবৰ আৰু মৰিগাঁও জিলাত কাৰ্যসূচী ৰূপায়ণ কৰে।অসম মহিলা সংঘৰ সাধাৰণ সম্পাদিকা অসমী গগৈয়ে গুৱাহাটীৰ আৰপিএফ ফিল্ডত জাতীয় পতাকা উত্তোলন কৰে। কাৰ্যসূচীত ভাৰতৰ সংবিধানৰ মূল প্ৰস্তাৱনা মহিলাসকলে সমস্বৰে পাঠ কৰাৰ উপৰি পাছত গণতন্ত্ৰ সুৰক্ষিত কৰাৰ আহ্বানত শপতবাক্য পাঠ কৰে। বাক্-স্বাধীনতা, মত প্ৰকাশৰ অধিকাৰ, চৰকাৰক প্ৰশ্ন কৰা আৰু বিৰোধ কৰাৰ অধিকাৰ বাহাল ৰখা আৰু কʼলাআইন বাতিল কৰাৰ দাবীত অভিযান চলাই যোৱাৰ আহ্বানত শপত গ্ৰহণ কৰে। উদযাপন অনুষ্ঠানত দেশপ্ৰেমমূলক গীত পৰিৱেশনৰ লগতে কণ কণ শিশুসকলে গীত আৰু সাধু কোৱাত ভাগ লয. অনুষ্ঠানত আৰপিএফৰ মুৰব্বী সুচাল গুপ্ত আৰু অন্যান্যসকলে অংশ লয়। অনুষ্ঠানত জিলা সম্পাদিকা ৰাজকুমাৰী দেউৰী, অনিমা দাস উপস্থিত থকাৰ উপৰি ভাস্কৰ নগৰ শাখাৰ কনিকা শৰ্মা, দীপালী বড়ো, ৰেখাবৰাই কাৰ্যসূচী পৰিচালনা কৰে।
(RT)