অসম বিধানসভাত ‘দ্য আছাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট কমিছন্ছ ফৰ এনালগাছ পোষ্টছ ইন ক্লাছ থ্রী এণ্ড ক্লাছ ফ’ৰ বিল-২০২১’ গৃহীত
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এবছৰৰ ভিতৰতে এক লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি, সেয়া আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্ৰত আৰু এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিলে। নিযুক্তি প্রক্রিয়া অধিক খৰতকীয়া, সুচল আৰু স্বচ্ছ কৰাৰ বাবে অসম বিধানসভাত ‘দ্য আছাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট কমিছন্ছ ফৰ এনালগাছ পোষ্টছ ইন ক্লাছ থ্রী এণ্ড ক্লাছ ফ’ৰ বিল-২০২১’ গৃহীত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদনত এই বিধেয়কখন উত্থাপন কৰি কয় যে চৰকাৰে যি এক লাখ নিবনুৱাৰ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল, ইতিমধ্যে ২,০০০ জনক নিযুক্তি দিয়া হৈছে। অহা জানুৱাৰীত ৩-৪ হাজাৰে নিযুক্তি লাভ কৰিব। আৰক্ষী, শিক্ষা বিভাগত ৩০ হাজাৰৰ পৰা ৪০ হাজাৰে নিযুক্তি লাভ কৰিব। বিভিন্ন বিভাগে নিজাকৈ সাক্ষাৎকাৰৰ বিজ্ঞাপন প্রকাশ কৰিলে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বহু বেমেজালিয়ে দেখা দিব। একেটা দিনতেই বহু বিভাগৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ছেবা, বিশ্ববিদ্যালয় আদিয়েও সকলো বিভাগৰ পৰীক্ষা সুকীয়া সুকীয়াকৈ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো বহু অসুবিধাৰ সন্মুখীন হয়। কোনোবা বিভাগৰ দুটা পদ, কোনোবা বিভাগৰ ১০টা পদৰ ক্ষেত্ৰতো দুই লাখ প্ৰাৰ্থী হ’ব। তদুপৰি একোটা পৰীক্ষা অনুষ্ঠিত কৰাত ১২ৰ পৰা ১৫ কোটি টকা পৰ্যন্ত ব্যয় হ’ব। সেয়ে চৰকাৰে স্নাতক, উচ্চতৰ মাধ্যমিক, অষ্টম শ্রেণী উত্তীৰ্ণৰ সকলো বিভাগৰ সমূহ পদৰ সাক্ষাৎকাৰ একেলগে অনুষ্ঠিত কৰাৰ বাবে এই আইনখন আনিছে। সদনত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে শিক্ষা, আৰক্ষী, স্বাস্থ্য বিভাগৰ বাহিৰে আন বিভাগৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদসমূহ পূৰণৰ বাবে একেলগে সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব। অহা ১০ মে’ৰ আগেয়ে ৫০ হাজাৰ পদত নিযুক্তি দিব পৰা যাব বুলি আশা প্রকাশ কৰি ।