অসম বিজ্ঞান সমিতি,ডিব্ৰুগড় শাখাৰ নতুন সমিতি গঠন

অসম বিজ্ঞান সমিতি,ডিব্ৰুগড় শাখাৰ নতুন সমিতি গঠন

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিজ্ঞান সমিতি, ডিব্ৰুগড় শাখাৰ বছৰেকীয়া সভাত আগন্তুক দুবছৰৰ বাবে পূৰ্বৰ সভাপতি আৰু সম্পাদক যথাক্ৰমে ড০ ভাৰতী দত্ত আৰু নাছিৰ চুলতানক সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ লগতে আন ছগৰাকী সদস্যক অন্তৰ্ভুক্ত কৰি নতুন কাৰ্যনিৰ্বাহক সমিতিখনি গঠন কৰা হয়। সুদক্ষিনা দাসক কাৰ্যকৰী সভাপতি, ড০ ৰণজিৎ।সিঙক উপ সভাপতি,অজিত শৰ্মাক যুটীয়া সম্পাদক তথা ড০ যশোৱন্ত সিঙক কোষাধ্যক্ষ ৰূপে নিৰ্বাচিত কৰা হয়। বিগত কেবাবছৰো ধৰি বিভিন্ন কাৰণত সমিতিখন কিছু নিষ্ক্ৰিয় হৈ থকাৰ পিছত সমিতিখনিয়ে পুনৰ উজ্জীৱিত হৈ উঠাৰ লগতে গতিশীল কৰাত পূৰ্বৰ সমিতিৰ পদক্ষেপৰ উপস্থিত সকলোৱে শলাগ লয়।বিশিষ্ট পদাৰ্থ বিজ্ঞানী তথা বিজ্ঞান সমিতিৰ সৈতে সুদীৰ্ঘকাল ওতপ্ৰোত:ভাৱে জড়িত থকা ডিব্ৰুগড় সমিতিৰ উপদেষ্টা ড০ পৰমানন্দ মহন্তও সভাত উপস্থিত আছিল। ড০ ভাৰতী দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত বছৰেকীয়া আয়-ব্যয়ৰ খতিয়ান দাঙি ধৰে ড০ যশোৱন্ত সিঙে। এই সভাতে বছৰেকীয়া প্ৰতিবেদন পাঠ কৰাৰ লগতে সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় সম্পাদক নাছিৰ চুলতানে।