অসম বিজেপিত বৃহৎ সালসলনি

অসম বিজেপিত বৃহৎ সালসলনি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিজেপিত বৃহৎ সালসলনি। সাংগঠনিক সাধাৰণ সম্পাদক পদৰ পৰা আঁতৰিল ফণীন্দ্ৰ নাথ শৰ্মা। অসম বিজেপিৰ সাংগঠনিক দায়িত্বত থকা মহা শক্তিশালী ফণীন্দ্ৰনাথ শৰ্মাক অসমৰ পৰা আঁতৰাই হাৰিয়াণাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হৈছে। আনহাতে অসমত দলটোৰ নতুন সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰিছে হাৰিয়ানাৰ পূৰ্বে সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুক। অসমৰ উপৰিও জি আৰ ৰবীন্দ্ৰ ৰাজুৰ হাতত থাকিব ত্ৰিপুৰাৰো দায়িত্ব। উল্লেখ্য যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সাংগঠনিক দিশত ব্যাপক সালসলনি কৰিছে। সেই অনুসৰিয়েই অসমৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাক অসমৰ দায়িত্বৰ পৰা অব্যাহতি দি হাৰিয়াণাৰ দায়িত্ব প্ৰদান কৰা হৈছে। ইফালে অসমৰ সাংগঠনিক দয়িত্ব লাভ কৰা জি আৰ ৰবীন্দ্ৰ ৰাজু বিজেপিৰ সাংগঠনিক ভৱন নিৰ্মাণ কমিটীৰ অধ্যক্ষৰো দায়িত্বত আছে। তেওঁ দীৰ্ঘদিন ধৰি অন্ধ্ৰ প্ৰদেশত প্ৰান্তীয় সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল।