অসম বধিৰ সন্থাৰ সংবাদ মেল

অসম বধিৰ সন্থাৰ সংবাদ মেল
ৰাষ্ট্ৰীয় প্ৰতিবন্ধী আয়ুক্তৰ ওচৰত অভিযোগ দাখিল

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ গোপীনাথ নগৰস্থিত কালিচৰণ নাৰ্চিং হোমৰ সন্মুখত থকা অসম বধিৰ সন্থাৰ মুখ্য কাৰ্য্যলয়ত তেওঁলোকে এখন সংবাদ মেল সম্বোধন কৰে। উক্ত সংবাদ মেলত সন্থাৰ সাধাৰণ সম্পাদক তপন শৰ্মা, উপ সভাপতি ৰাজীৱ লোচন বৰুৱা, অসম বধিৰ ক্ৰিয়া পৰিষদৰ সম্পাদক জামিন ক্ৰ, সন্থাৰ Interviter(দূৰভাষিক) প্ৰিয়ংকা নেৱাৰ, সদস্য হৰেকৃষ্ণ ডেকা, আৰু হেমেন দাসৰ ভাতৃ সৌৰভ দাসে কয় যে, বৰপেটা জিলাৰ মাধৱ চৌধুৰী বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড°প্ৰকাশ শৰ্মাই মহাবিদ্যালয়ত কৰ্মৰত চতুৰ্থ শ্ৰেণীৰ দিব্যাংগ(বধিৰ) কৰ্মচাৰী বৰপেটাৰ ইছাপুৰ হাতী নিবাসী তথা বৰপেটা বিদ্যাপীঠ হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ অধৰ চন্দ্ৰ দাসৰ দ্বিতীয় পুত্ৰ হেমেন দাসক ইচ্ছাকৃতভাৱে চূড়ান্ত অপমান কৰি তেওঁ প্ৰদান কৰা আবেদন পত্ৰখন ফালি পেলোৱা কাৰ্য্য অতি নিন্দনীয়, অসভ্যালি আৰু এই কাৰ্য্যৰ বাবে সমগ্ৰ অসমৰ দিব্যাংগ সমাজে ধিক্কাৰ দিছে।ইতিমধ্যে, অসম বধিৰ সন্থাই যোৱা ২৪ জুলাইত প্ৰতিবন্ধী আইন ২০১৬ৰ ৯২ ধাৰাত অধ্যক্ষ ড° প্ৰকাশ শৰ্মাক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবীত গুৱাহাটীৰ ফটাশিল আমবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে।অসমৰ বিভিন্ন জিলাত থকা জিলাৰ সন্থা তথা বিভিন্ন প্ৰতিবন্ধী সংগঠন বোৰেও উক্ত বিষয় টোৰ ওপৰত এজাহাৰ দিবলৈ প্ৰস্তুতি চলাইছে। ইতিমধ্যে, অসম বধিৰ সন্থাই এসপ্তাহ সময় বান্ধি দিছে উক্ত সময়ৰ ভিতৰত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বধিৰ সন্থাই ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। প্ৰয়োজন সাপেক্ষে বিষয়টো ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ৰাষ্ট্ৰীয় প্ৰতিবন্ধীৰ আয়ুক্তক অভিযোগ দাখিল কৰা হ’ব বুলি জানিবলৈ দিয়ে।