অসম ফুটবলৰ যাদুকৰ গিলবাৰ্টছন চাংমা আৰু নাই
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ভৰিৰ যাদুৰে জগত জিনা অসমৰ স্বনামধন্য ফুটবলাৰ গিলবার্টছন চাংমাই।আজীৱন দুভৰিৰ যাদুৰে শত-সহস্র ফুটবলপ্রেমীক মোহাচ্ছন্ন কৰি ৰখা অসমৰ ফুটবল ইতিহাসৰ অন্যতম খনিকৰগৰাকীয়ে দীর্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি পুৱা প্রায় ৭.৩০ বজাত মহানগৰীৰ কাহিলিপাৰাৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৭১ বছৰ। বিগত ২০২২ চনৰ পৰা ডিমেনচিয়া ৰোগত আক্রান্ত হৈ থকা গিলবার্টছন চাংমাই বহু দিনৰ পৰা শাৰীৰিক অসুস্থতাৰ বাবে শয্যাগত হৈ আছিল। ১৯৫৫ চনৰ ১২ এপ্রিলত ডিব্ৰুগড়ত জন্মগ্রহণ কৰা গিলবার্টছন চাংমাই দশম শ্রেণীতে শিক্ষাজীৱন সামৰিছিল। শিক্ষাজীৱন সামৰাৰ পিছতে ১৯৭১ চনত অসম আৰক্ষীত কনিষ্টবল হিচাপে যোগদান কৰিছিল। অসম আৰক্ষীৰ ফুটবল দলত যোগদান কৰি ১৯৭২ চনৰ পৰা ১৯৮২ চনলৈ অসম ফুটবল দলটোক প্রতিনিধিত্ব কৰিছিল। আৰক্ষী ৰিজাৰ্ভত নিয়মিতভাবে অনুশীলন কৰি নীতিগতভাৱে ৰাজ্যৰ ফুটবল জগতত ভৰি দিয়া চাংমাই ১৯৭৩ চনত কেৰালাৰ কোচিত অনুষ্ঠিত ফুটবল টুর্নামেন্টত ৰাজ্যিক দলক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল। ১৯৭৩ চনৰ পৰা ১৯৮২ চনলৈ মুঠ সাতবাৰ ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা সন্তোষ ট্রফীত অসমক প্রতিনিধিত্ব কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত দেখুওৱা চমকপ্রদ প্ৰদৰ্শনৰ বাবেই চাংমাই পৰৱৰ্তী সময়ত ভাৰতীয় দলৰ হৈ ইণ্ডোনেছিয়া আৰু থাইলেণ্ডত আন্তঃৰাষ্ট্ৰীয় মেচত অংশ লৈছিল। ফুটবলৰ মাজেৰেই অসম আৰক্ষীক উচ্চ স্থানলৈ নিয়া ‘গিলবার্টছন চাংমা’ এসময়ত জনাজাত হৈ পৰিছিল ‘মেন অৱ গ’ল্ডেন বুট’ নামেৰে। অসম আৰক্ষীৰ হৈ চাংমাই বৰদলৈ ট্ৰফী, এটিপিএ শিল্ড, কেপ্টেইন এনএম গুপ্তা ট্রফী লাভ কৰিছিল। ১৯৮১ চনত তেওঁ সন্তোষ ট্রফীত চেম্পিয়ন হয়। ১৯৮৫ চনত তেওঁ যোৰহাটত নাগালেণ্ড আৰক্ষীৰ বিৰুদ্ধে জীৱনৰ অন্তিমখন খেলত অংশ লৈছিল। অসম আৰক্ষীৰ পৰাও দ্বিতীয় অধিনায়ক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। ২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সর্বোচ্চ অসামৰিক সম্মান অসম সৌৰভ’ বঁটাৰে সন্মানিত কৰিছিল। ‘৭০ৰ পৰা ‘৯০ দশক পর্যন্ত অসমৰ ফুটবলপ্রেমীক মোহাচ্ছন্ন কৰি ৰখা গিলবার্টছন চাংমাৰ বাবেই ৰাষ্ট্ৰীয় স্তৰত অসমৰ ফুটবলে এক বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। মৃত্যুৰ সময়ত প্রবীণ ক্রীড়াবিদগৰাকীয়ে পত্নী আৰু দুই কন্যাসহ অনেক আত্মীয়-স্বজনক ইহসংসাৰত এৰি গৈছে। আজি মালিগাঁৱৰ আদিংগিৰি পাহাৰত খ্ৰীষ্টানধৰ্মীয় ৰীতি-নীতিৰে ক্ৰীড়াবিদগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। আনহাতে গিলবার্টছন চাংমাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এক শোকবার্তাযোগে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে যোৱা শতিকাৰ ‘৮০-‘৯০ দশকত অসম ফুটবলৰ এক চাঞ্চল্য হিচাপে আত্মপ্ৰকাশ কৰা গিলবাৰ্টছন চাংমা ডাঙৰীয়াৰ বিয়োগৰ খবৰত অতি মৰ্মাহত হ’লোঁ৷ দুভৰিৰ যাদুৰে ফুটপ্ৰেমীক মোহাচ্ছন্ন কৰা কিংবদন্তি খেলুৱৈগৰাকীৰ বাবেই অসম ফুটবল এসময়ত সমগ্ৰ দেশত চৰ্চিত হৈছিল৷ অসম ফুটবলৰ ৰাজকুমাৰ হিচাপে অভিহিত ‘অসম সৌৰভ’ গিলবাৰ্টছন চাংমা ডাঙৰীয়াৰ বিয়োগ অসমৰ ক্ৰীড়া তথা সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ তেখেতৰ বিশাল অৱদানক অসমবাসীয়ে সদায়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব৷ মহান তাৰকাগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷
