অসম পৰ্বতাৰোহন সন্থাই আয়োজন কৰে প্ৰাক এভাৰেষ্ট অভিযান

pc- Outside Magazine

অসম পৰ্বতাৰোহন সন্থাই আয়োজন কৰে প্ৰাক এভাৰেষ্ট অভিযান

অনলাইন বাৰ্ত্তাসেৱা- অসম পৰ্বতাৰোহন সন্থাই আয়োজন কৰা প্ৰাক এভাৰেষ্ট অভিযানৰ অংশ হিচাপে য’গিন-৩(৬১১৬) আৰোহণ কৰিলে সন্থাৰ এটা দলে। সন্থাৰ ৯ জনীয়া এটা দলে মানস বৰাৰ নেতৃ্ত্বত ৬১১৬ মিটাৰ উচ্চতাৰ য’গিন-৩ আৰোহণ কৰিবলৈ সক্ষম হৈছে। এই পৰ্বতাৰোহী দলটোত আছিল মানস বৰা, উপেন চক্ৰৱৰ্তী, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, শেখৰ বৰদলৈ, ধ্ৰুব জ্যোতি হাজৰিকা, কৌশিক দাস, কৃষ্ণ বসুমতাৰী আৰু ৰুবি বৰা।। অসম পৰ্বতাৰোহন সন্থাৰ এই অভিযানৰ পৃষ্ঠপোষকতা কৰিছে অসম চৰকাৰে।

 

(utpal kalita)