অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ছেলফি উঠা কাৰ্যসূচী
ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ অনুসৰি ৰাজ্যজুৰি বুথ কমিটীৰ সভাপতিসকলৰ লগত ছেলফি উঠা এক বিশেষ কাৰ্যসূচী পালন কৰা হয়। সভাপতি গৌৰৱ গগৈয়ে গুৱাহাটীৰ ৪নং আৰজি বৰুৱা কলেজ কেন্দ্ৰ, ১২৩নং ছাউথ পইণ্ট স্কুল কেন্দ্ৰ, ২২ নং ৰূপনগৰ হাইস্কুল কেন্দ্ৰলৈ গৈ উক্ত কেন্দ্ৰকেইটাৰ বুথ কমিটীৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিবলৈ ছেলফি উঠি সামাজিক মাধ্যমত প্ৰচাৰ কৰে। একেদৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰতীক্ষা হাস্পতালৰ সমীপৰ বুথ কেন্দ্ৰলৈ গৈ উক্ত বুথটোৰ সভাপতিৰ লগত ছেলফি উঠি যুঁজ এখন হ’ব শ্লগানেৰে সামাজিক মাধ্যমত আপলোড কৰে। একেদৰে দিল্লীৰ পৰা অনলাইনযোগে দলৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই দলৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ লগত সংযোগ স্থাপন কৰে। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ৰ’জলীনা তিৰ্কী, প্ৰদীপ সৰকাৰকে ধৰি দলৰ আন আন শীৰ্ষ নেতাই জিলাসমূহত এই কাৰ্যসূচী পালন কৰে। আনহাতে, অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই শোণিতপুৰ জিলাৰ কেবাটাও বুথলৈ গৈ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে ছেলফি উঠে আৰু মত-বিনিময় কৰে। এইদৰে আজি আঞ্চলিক পৰ্যায়ৰ নেতাসকলেও নিজ নিজ অঞ্চললৈ গৈ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনোবল বৃদ্ধিৰ বাবে এই কাৰ্যসূচীত ভাগ লয়। কংগ্ৰেছৰ ২৮ হাজাৰতকৈয়ো অধিক বুথ কমিটি আছে। এই বুথসমূহত ৰাজ্যিক, জিলা আৰু আঞ্চলিক পৰ্যায়ৰ নেতাসকলে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে ছেলফি উঠি সামাজিক মাধ্যমত আপলোড কৰাৰ লগতে দলৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ মত বিনিময় কৰে।