অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈক অভিনন্দন অসম জাতীয় পৰিষদৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈক অভিনন্দন অসম জাতীয় পৰিষদৰ
আগন্তুক সময়ত বিজেপিবিৰোধী আমাৰ সামূহিক যুঁজখনে নতুন গতি লাভ কৰিবঃ অজাপ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি পোৱা লোকসভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে৷এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘লোকসভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক এই নতুন দায়িত্বৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ৷ আমি আশা কৰিছোঁ, আগন্তুক সময়ত আমি সামূহিকভাবে চলাই অহা বিজেপিবিৰোধী যুঁজখনে এতিয়াৰে পৰা নতুন গতি লাভ কৰিব৷’ গগৈ আৰু ভূঞাই লগতে কয়, ‘বিজেপি চৰকাৰখনৰ স্বেচ্ছাচাৰিতা আৰু অগণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিৰুদ্ধে এই খবৰ নিঃসন্দেহে বিজেপিবিৰোধী শিবিৰৰ বাবে আশাপ্ৰদ৷ অসমত বিজেপি চৰকাৰখনক উৎখাত কৰিবলৈ বিজেপিবিৰোধী সকলো শক্তি একত্ৰিত হোৱাটো সময়ৰ জৰুৰী আহ্বান৷ এই আহ্বানৰ উপলব্ধিৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিগৰাকীয়ে বিৰোধী ঐক্যক অধিক শক্তিশালী কৰিবলৈ তৎপৰতা অৱলম্বন কৰিব বুলি আমি আশা কৰিছোঁ৷’