অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন
মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ অবৈধ মাটি-ভেটি দুখীয়া মানুহক ভাগ কৰি দিয়াৰ হুংকাৰ সভাপতি গৌৰৱ গগৈৰ
সকলো জাতি-জনগোষ্ঠীৰ সমবিকাশ আৰু উন্নয়নৰ বাবে আগষ্ট মাহৰ পৰা কাম কৰিব কংগ্ৰেছে
ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰস্তাৱ গ্ৰহণ, প্ৰগতিশীল নতুন ভূমি নীতিৰ পোষকতা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ৰাইজে এতিয়া নিৰ্বাচনৰ যোগেদি পৰিৱৰ্তন বিচাৰিছে। স্বেচ্ছাচাৰী আৰু দুৰ্নীতিত নিমজ্জিত হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনৰ পৰা ৰাইজে এতিয়া মুক্তি বিচাৰিছে। অসমৰ বুলিয়েই নহয়, সমগ্ৰ দেশৰ শিশু, আবাল বৃদ্ধি-বনিতালৈকে প্ৰত্যেকৰ মূৰত এতিয়া ৫০ হাজাৰ টকাকৈ ধাৰৰ বোজা হৈছে। এই অস্থিৰ অৰ্থনৈতিক অৱস্থাৰ পৰা মুক্তি পাবৰ বাবে সমগ্ৰ দেশৰ জনতাই পৰিৱৰ্তন বিচাৰিছে আৰু অসমতো ২০২৬ ত হিমন্ত বিশ্ব শৰ্মাক দলিয়াই গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ হ’বলৈ গৈ আছে। -আজি দিনজোৰা বৰ্ধিত কাৰ্যনিৰ্বাহকৰ পিছত অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে এইদৰে কয়। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত দীঘলীয়া বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা লুণ্ঠন আৰু অন্যায়-অবিচাৰৰ পৰিৱৰ্তে কংগ্ৰেছ দলে ৰাইজক নতুন প্ৰগতিশীল ভূমি নীতি আৰু অৰ্থনৈতিক বিকাশেৰে এখন নতুন চৰকাৰ দিবলৈ প্ৰস্তুতি চলোৱা আৰম্ভ কৰিছে। অহা ছেপ্টেম্বৰ মাহত কংগ্ৰেছ দলে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে অসমত ধুমুহাৰ সৃষ্টি কৰিব আৰু বিজেপি নেতাৰ নিদ্ৰাহৰণ কৰিব বুলি লোকসভাৰ বিৰোধী উপ-দলপতি, সাংসদ গৌৰৱ গগৈয়ে বিস্ফোৰণ ঘটায়। অনাগত দিনত সংবিধানক অধিক সুৰক্ষা প্ৰদান কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ স্বেচ্ছাচাৰী শাসনৰ পৰা অসমক মুক্ত কৰিবৰ বাবে কংগ্ৰেছে কাম কৰিবলৈ সংকল্প গ্ৰহণ কৰা বুলিও গগৈয়ে কয়। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আৰম্ভণিতে কয় যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জনগোষ্ঠীয় প্ৰতিনিধিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অসমৰ থলুৱা আৰু খিলঞ্জীয়া মানুহৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষাক লৈ দীঘলীয়া সময় আলোচনা হয়। আলোচনাৰ অন্তত এটা অৰ্থনৈতিক আৰু গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই অৰ্থনৈতিক প্ৰস্তাৱৰ যোগেদি অসমৰ সামগ্ৰিক বিকাশ, অৰ্থনৈতিক সংস্কাৰ, ঋণগ্ৰস্ত অসমক উদ্ধাৰ কৰা, নিয়োগ সৃষ্টি কৰা, অৰ্থনৈতিক পৰিৱৰ্তনৰ যোগেদি সকলো শ্ৰেণীৰ নাগৰিকৰ সমবিকাশ আৰু সমবিচাৰৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাৰ অন্তত হোৱা সংবাদমেলত গৌৰৱ গগৈয়ে অসমৰ জনসাধাৰণ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰৰ দিনত অতিষ্ঠ হৈ পৰিছে। ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত অবিচাৰ আৰু অনিয়ম চলোৱাৰ লগতে অসমৰ বড়ো, তিৱা, কাৰ্বি, ৰাভা, মিছিং আদি জনগোষ্ঠীৰ ৰাইজক নিৰ্বিচাৰ উচ্ছেদৰ নামত অমানৱীয় আতিশয্য চলোৱা হৈছে। উচ্ছেদৰ নামত আইন-আদালতৰ নিৰ্দেশক অৱমাননা কৰা হৈছে। এনে পৰিস্থিতিত চৰকাৰে এক সংস্কাৰমুখী অৰ্থনৈতিক নীতি আৰু ভূমি নীতিৰ জৰিয়তে ৰাইজক সকাহ দিয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ নেতৃত্বত গঢ় লৈ মন্ত্ৰী পৰিষদে ৰাইজৰ ভেটি-মাটি সুৰক্ষাৰ নামত নিজে যি অবৈধ মাটি-ভেটিৰ পাহাৰ গঢ়ি তুলিছে, প্ৰথমখন কেবিনেটতে এক সিদ্ধান্ত গ্ৰহণ কৰি দুখীয়া ৰাইজক এই মাটি-ভেটি ভাগ কৰি দিয়া হ’ব। গগৈয়ে লগতে কয়, নিখিল ভাৰত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ছয়গাঁৱৰ সভালৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে জে’ললৈ যোৱা দেখিব বুলি যি ঘোষণা কৰি গৈছিল সেই ঘোষণা কাৰ্যকৰী কৰাটো তেওঁৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। সেইবাবে অহা ছেপ্টেম্বৰ মাহৰ পৰা কংগ্ৰেছে সমগ্ৰ ৰাইজক শক্তিশালী ৰূপত সাংগঠনিক কাম-কাজৰ লগতে বিজেপিৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কাৰ্যসূচী গ্ৰহণ কৰিব। সংবাদমেলত সাংসদ গগৈয়ে কয় যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল ভুৱা আৰু মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক আভুৱা-ভাঁৰি আহিছে। এইখন চৰকাৰে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব নোৱাৰিলে। একেদৰে হৰিশংকৰ ব্ৰহ্মৰ ভূমি নীতি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দি চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ পিছত ৰাইজে এতিয়া মিছা কথা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে কংগ্ৰেছ দলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধি একত্ৰিতভাৱে কংগ্ৰেছৰ লগত বিজেপি আৰু আৰএছএছৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ কঁকালত টঙালি বান্ধিছে। অহা ১৫ আগষ্টত কংগ্ৰেছ দলে জিলা আৰু ব্লক পৰ্যায়ত ত্ৰিৰংগা যাত্ৰা কৰিব বুলিও গগৈয়ে সদৰী কৰে। বৰ্ধিত কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ দীঘলীয়া প্ৰস্তাৱ গ্ৰহণৰ পিছত বড়ো, কাৰ্বি, ৰাভা, চাহ জনগোষ্ঠীৰ প্ৰায় ২ শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে। আজিৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত ৩৫০ জনৰো অধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ লগতে সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান, বিকাশ উপাধ্যায়, নিৰ্বাচনী সমন্বয় সমিতিৰ অধ্যক্ষ তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ইস্তাহাৰ কমিটীৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈ, নিৰ্বাচনী কেম্পেইনিং কমিটীৰ অধ্যক্ষ ভূপেন বৰা আৰু নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষ ৰিপুণ বৰাৰ লগতে কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ৰ’জলীনা তিৰ্কী, প্ৰদীপ সৰকাৰ উপস্থিত থাকে। অসমৰ ৩৫ খন জিলাৰ পৰা অহা জিলা সভাপতিসকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ, বলীন কুলী, আব্দুল হামিদ, আব্দুল খালেকসহ কংগ্ৰেছৰ প্ৰায় সকলো জ্যেষ্ঠ নেতা-কৰ্মী এই সভাত উপস্থিত থাকে। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, সেৱা দলৰ অধ্যক্ষ দ্বীপ বায়ন, যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম, এনএছইউআইৰ সভাপতি কৌশিক কাশ্যপ আৰু বিভিন্ন শাখা তথা বিভাগৰ অধ্যক্ষসকল বৰ্ধিত কাৰ্যনিৰ্বাহকত উপস্থিত থাকে। সভাখন পৰিচালনা কৰাৰ ক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়ায় সাধাৰণ সম্পাদক বিপুল গগৈ আৰু প্ৰদ্যুৎ ভূঞাই।