অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিংৰ প্ৰেছ বিবৃতি

অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিংৰ প্ৰেছ বিবৃতি

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (এপিচিচি) নতুন সভাপতি হিচাপে শ্ৰী গৌৰৱ গগৈক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিবলৈ পাই নিখিল ভাৰত কংগ্ৰেছ কমিটী (এআইচিচি) অতিশয় আনন্দিত। শ্ৰী গগৈৰ নেতৃত্বশৈলী, সততা আৰু অসমৰ জনসাধাৰণৰ প্ৰতি অটল প্ৰতিশ্ৰুতিয়েই তেওঁক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ দলক নেতৃত্ব দিবৰ বাবে আদৰ্শ প্ৰাৰ্থী হিচাপে গঢ়ি তুলিছে। অসমক ন্যায়সংগত, সমন্বয়েৰে ভৰপূৰ আৰু প্ৰগতিশীল ভৱিষ্যতলৈ আগবঢ়াই নিবলৈ তেওঁৰ দৃষ্টিভংগীৰ প্ৰতি কংগ্ৰেছ দলে সম্পূৰ্ণ আস্থা স্থাপন কৰিছে।আমি এই সুযোগত শ্ৰী ভূপেন কুমাৰ বৰাক তেওঁৰ তিনিবছৰীয়া কাৰ্যকালত এপিচিচিৰ সভাপতি হিচাপে আগবঢ়োৱা নিষ্ঠাবান আৰু ফলপ্ৰসূ সেৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেওঁৰ নেতৃত্বত অসম কংগ্ৰেছে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈও স্থিতিশীলতা বজাই ৰাখিছিল আৰু সাংগঠনিক ভেটি সুদৃঢ় কৰি জনসাধাৰণৰ মাজত এক শক্তিশালী কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ অমূল্য অৱদানক সন্মান জনাই এতিয়া তেওঁক ২০২৬ চনৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ সমিতিৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে।ইয়াৰ উপৰি, এআইচিচিয়ে নিম্নলিখিত জ্যেষ্ঠ নেতাসকলক গুৰুত্বপূৰ্ণ ভূমিকা দিয়াৰ সিদ্ধান্ত লৈছেঃ দেবব্ৰত শইকীয়াক সমন্বয় সমিতিৰ অধ্যক্ষ, প্ৰদ্যুৎ বৰদলৈক ঘোষণাপত্ৰ সমিতিৰ অধ্যক্ষ,ৰকিবুল হুছেইনক প্ৰচাৰ সমিতিৰ অধ্যক্ষ, ৰিপুন বৰাক নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষ, সংগঠনত নতুন শক্তি আৰু যুৱশক্তি সঞ্চাৰ কৰিবলৈ তিনিগৰাকী গতিশীল নেতা—জাকিৰ হুছেইন শিকদাৰ, ৰ’জলিনা তিৰ্কী আৰু প্ৰদীপ সৰকাৰক এপিচিচিৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।এই শক্তিশালী আৰু একত্ৰিত টীমৰ জৰিয়তে কংগ্ৰেছে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হ’বলৈ সম্পূৰ্ণৰূপে সাজু। আমাৰ লক্ষ্য স্পষ্টঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ ইতিহাসৰ আটাইতকৈ ভ্ৰষ্টাচাৰী আৰু স্বেচ্ছাচাৰী চৰকাৰৰ কবলৰ পৰা ৰাজ্যখনক মুক্ত কৰা।অসমৰ জনসাধাৰণে ভয়-ভীতি, আতংক আৰু জোৰ যাৰ মুলুক তাৰ নীতিৰ সন্মুখীন হৈ আছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাজহুৱা কল্যাণমূলক যোজনাসমূহক ৰাজনৈতিক সুবিধা লাভৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে—ৰাজনৈতিকভাৱে সমৰ্থন নকৰিলে সহায্য লাভকৰ তালিকাৰ পৰা বাদ দিয়াৰ ভাবুকি দেখুৱাইছে। ভ্ৰষ্টাচাৰে বিস্তাৰ লাভ কৰিছে, মতপ্ৰকাশক দমন কৰা হৈছে আৰু গণতন্ত্ৰক পোতাশাললৈ নিক্ষেপ কৰা হৈছে।একেলগে আমি স্বচ্ছতা আৰু দায়ৱদ্ধতাৰে ভৰপূৰ সুস্থ শাসন পুনৰ ঘূৰাই আনিম।