অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, ২০২৪ সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, ২০২৪ সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে ডিব্ৰুগড়ৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ অধীনত পৰীক্ষা কেন্দ্ৰসমূহত জাৰি কৰিছে জৰুৰী কিছু নিষেধাজ্ঞা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অহা ১৫ তথা ২৯ ছেপ্টেম্বৰ আৰু ২৭ অক্টোবৰত ডিব্রুগড় জিলাৰ ৬৯ টা কেন্দ্রত হবলগীয়া “অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, ২০২৪” সুচাৰুৰূপে আৰু শান্তিপূর্ণভাবে যাতে অনুষ্ঠিত হয় আৰু কোনোধৰণৰ বেমেজালিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে (ভাঃপ্ৰঃসে) ১৫ ,২৯ ছেপ্টেম্বৰ আৰু ২৭ অক্টোবৰত পুৱা ৫ বজাৰ পৰা জিলাখনৰ আটাইকেইটা পৰীক্ষা কেন্দ্ৰত লাগু হোৱাকৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ ৰ ১৬৩ নং ধাৰাৰ অধীনত এক আদেশ যোগে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্রৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী (কৰ্তৃপক্ষৰ দ্বাৰা যথাবিহিতভাৱে স্বাক্ষৰিত বৈধ এডমিট কাৰ্ডৰ সৈতে), পৰীক্ষাৰ সৈতে জড়িত পৰ্যবেক্ষক কৰ্মচাৰী আৰু পৰীক্ষণকাৰী দল, আইন-শৃংখলা বৰ্তাই ৰাখিবলৈ লগতে জৰুৰীকালীন সেৱাৰ বাবে নিয়োজিত চৰকাৰী সংস্থা, কেন্দ্ৰত পৰীক্ষা পৰিচালনাৰ বাবে নিয়োজিত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বাহিৰে আন কোনো ব্যক্তি তথা অভিভাৱক সোমাব নোৱাৰিব।পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাত নিয়োজিত কৰ্তৃত্বশীল ব্যক্তিৰ বাহনৰ বাহিৰে আন কোনো বাহন চলাচল আৰু পাৰ্কিং কৰিব নোৱাৰিব।পৰীক্ষা কেন্দ্ৰৰ নিৰ্ধাৰিত সীমাৰ পৰা মোবাইল ফোন, কেলকুলেটৰ, আন যিকোনো ইলেকট্ৰনিক গেজেট/কমিউনিকেচন ডিভাইচ (যেনে ব্লুটুথ ডিভাইচ, স্মাৰ্ট ঘড়ী, ইয়েৰফোন আদি) নিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰৰ সীমা বেৰৰ সংলগ্নকৈ থকা কোনো খাদ্য তথা অন্যান্য দোকান খোলা ৰাখিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰৰ পৰ্যৱেক্ষক কৰ্মচাৰীৰ বাহিৰে আন কোনো ব্যক্তিকে পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলক তেওঁলোকৰ নিৰ্ধাৰিত আসন দেখুৱাই দিয়াৰ বাবে অনুমতি দিয়া নহ’ব। আনহাতে এই আদেশ প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ গেটত সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ ৰাখিব লাগিব।