অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী শিশু মহোৎসৱৰ নৱম দিন

অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী শিশু মহোৎসৱৰ নৱম দিন
শিশু-চেমনীয়াৰ যোগাসন, কলা-সংস্কৃতিৰ কৰ্মশালা
শিশুক পৰিৱেশ সুৰক্ষাৰ প্ৰতি দায়ৱদ্ধ কৰা উচিতঃ ঋতুৰাজ ফুকন
কলা-সংস্কৃতিৰ সাধনাই মনৰ দিগন্ত প্ৰসাৰিত কৰেঃ বিদ্যাসাগৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  শিক্ষানুষ্ঠান সমূহৰ চলিত গ্ৰীষ্ম বন্ধৰ সময়ত অসম প্ৰকাশন পৰিষদে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত কৰা গুৱাহাটী শিশু মহোৎসৱত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অব্যাহত আছে কলা-সংস্কৃতিৰ কৰ্মশালা ৷ আজি নৱম দিনাও পুৱা ১০ বজাৰ পৰা আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে শিশু মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ যোগাসনৰ প্ৰশিক্ষণত সহযোগিতা আগবঢ়ায় প্ৰজ্ঞাশ্ৰী নাথে ৷ যোগাভ্যাসৰ পাছত শিশু-চেমনীয়াসকলে নাটক, নৃত্য, মূকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ নাট কৰ্মশালাত বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰবিজিতা গগৈ, সহযোগী ৰাজীৱ কুমাৰ সাউদ, সুনম দেৱী, পূৰৱী বুঢ়াগোহাঁই, মূকাভিনয়ৰ কৰ্মশালাত বিশিষ্ট শিল্পী মইনুল হক, সহযোগী ৰাহিল ৰিজুই, সুকুমাৰ কলাৰ কৰ্মশালাত শিল্পীদ্বয় দেৱকান্ত হাজৰিকা, দিগন্ত হাজৰিকা, নৃত্য কৰ্মশালাত শিল্পী প্ৰিয়ংকা কাশ্যপ, ভায়োলীনা তালুকদাৰ, সংগীত কৰ্মশালালাত শিল্পী ৰাজ আহমেদ, সহযোগী দীপক দাস, বিকাশ ৰয়, জুৰি দাসে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে ৷ আজি গুৱাহাটী শিশু মহোৎসৱত বিয়লি ৩-৩০ বজাৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ পৰ্যৱেক্ষক, প্ৰখ্যাত অভিযাত্ৰী ঋতুৰাজ ফুকনে ছাত্ৰ-ছাত্ৰীসকলৰ আগত ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে ৷ বিশেষকৈ এন্টাৰ্কটিকাৰ অভিযাত্ৰী হোৱাৰ মনোৰম অভিজ্ঞতাৰ কথাৰে ফুকনে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক আকৰ্ষিত কৰে ৷ এন্টাৰ্কটিকা ভ্ৰমণৰ বিভিন্ন তথ্য, ছবি আৰু দৃশ্য প্ৰদৰ্শিত কৰি তেওঁ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ সন্মুখত জৈৱ-বৈচিত্ৰ, গোলকীয় উষ্ণতা, জলবায়ুৰ পৰিৱৰ্তনৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে শিশুসকলক, ছাত্ৰ-ছাত্ৰীক প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই প্ৰকৃতি-পাৰিপাৰ্শ্বিকতাৰ সৈতে পৰিচয় কৰাই দিয়া উচিত ৷ এই বিশাল প্ৰকৃতিও এখন বিদ্যালয় ৷ য’ৰ পৰা মানুহে আজীৱন শিক্ষা গ্ৰহণ কৰিব পাৰে ৷ প্ৰকৃতিক ভালপোৱা, প্ৰকৃতিৰ প্ৰতি দায়ৱদ্ধ হোৱা, প্ৰকৃতিক ৰক্ষা কৰা—এই তিনিটা কাম সকলো মানুহে আন্তৰিকতাৰে পালন কৰিলে আমাৰ পৃথিৱীখন, আমাৰ চৌপাশৰ পৰিৱেশ সদায়ে সুন্দৰ হৈ; থাকিব ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মনত প্ৰকৃতি প্ৰেম জগাই তোলা, পৰিৱেশ সুৰক্ষাৰ প্ৰতি দায়ৱদ্ধ কৰা, জলবায়ু সম্পৰ্কে সচেতন কৰাৰ ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী সকল সজাগ হোৱা উচিত ৷ ইয়াৰ পাছত বিয়লি ৪-৩০ বজাৰ পৰা অনুষ্ঠিত হয় সাংস্কৃতিক কাৰ্যসূচী ৷ সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে , জ্যোতি চিত্ৰবনৰ অধ্যক্ষ, বিশিষ্ট সংগীত শিল্পী বিদ্যাসাগৰে ৷ তেওঁ কয় যে শিশু-চেমনীয়াসকলৰ মাজত কলা-সংস্কৃতিৰ কৰ্মশালা আয়োজন কৰি, চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰি অসম প্ৰকাশন পৰিষদে দায়িত্বশীলতাৰ পৰিচয় দিছে ৷ এনে কাৰ্যসূচীয়ে শিশু সকলক বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনত নিশ্চয়কৈ সহায় কৰিব ৷ নাট, নৃত্য, সুকুমাৰ কলা, সংগীত, মূকাভিনয় আদি এতিয়া কেৱল মনোৰঞ্জন নহয় ৷ ইয়াৰ একোখন বিশাল বিদ্যায়তনিক ক্ষেত্ৰ আছে ৷ সেই দিশত আগবাঢ়িবলৈ গুৱাহাটী শিশু মহোৎসৱত যোগদান কৰা ছাত্ৰ-ছাত্ৰী সকলে ভৱিষ্যতে উৎসাহ লাভ কৰিব ৷ তদুপৰি কলা-সংস্কৃতিৰ সাধনাই মনৰ দিগন্ত প্ৰসাৰিত কৰে ৷ নৱম দিনৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে বঙাইগাঁৱৰ মেৰী কনভেন্ট পাব্লিক স্কুলে ৷ উল্লেখ্য যে কাইলৈ শিশু মহোৎসৱত মাতৃৰ টিফিন প্ৰস্তুতকৰণ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ ইয়াত পাঁচটা পুৰষ্কাৰ প্ৰদান কৰা হ’ব ৷ নগদ ধনৰ এই পুৰষ্কাৰ সমূহ হৈছে ৫ হেজাৰ, ৪ হেজাৰ, ৩ হেজাৰ, ২ হেজাৰ আৰু ১ হেজাৰ টকাৰ ৷